ৰক্তচাপৰ ৰোগী এতিয়া প্ৰায় প্ৰতিখন ঘৰতেই আছে৷ উচ্চ ৰক্তচাপ থাকিলে সহজেই হাৰ্টৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ আকৌ নিম্ন ৰক্তচাপৰ ক্ষেত্ৰত হৃদযন্ত্ৰত নানান প্ৰভাৱ পৰে৷ তাৰ ওপৰিও হঠাতে ৰক্তচাপ কমি বা বাঢ়িও যায়৷
কেনেকৈ বুজিব ৰক্তচাপৰ খেলিমেলি?
মূৰ ঘূৰোৱা, চকুৰে ব্লাৰ দেখা, অজ্ঞান হৈ পৰা আদি সকলো ৰক্তচাপৰ হেৰফেৰৰ লক্ষণ হ’ব পাৰে৷ হঠাৎ ৰক্তচাপ কমি গ’লে তৎক্ষণাৎ সাৱধান হওক৷ এই সময়ত সাধাৰণ কিছু নিয়ম মানি চলিলেই বিপদৰ পৰা ৰক্ষা পৰিব আপুনি৷
১. যদি আপোনাৰ মনত ধাৰণা আহিছে যে আপোনাৰ ৰক্তচাপ কমি গৈছে, ঘামিছে, মূৰ ঘূৰাইছে, তেন্তে প্ৰচুৰ পৰিমানে পানী খাওক৷ কিছুপৰিমাণে হ’লেও আৰাম পাবই৷
২. ৰক্তচাপ কমি গ’লে নিমখ পানী খাওক৷ এনেই ছডিয়াম কমকৈ খালেও ৰক্তচাপ নিম্ন হ’লে তেওঁলোকে নিমখ খোৱাটো জৰুৰী৷ নিমখ খালে ৰক্তচাপ উঠে৷
৩. ৰোগীৰ ডিঙি, কাণৰ লতিৰ দুপাশে চকুৱে মুখে ঠাণ্ডা পানী ঘঁহক৷ তেতিয়া বহুপৰিমানে সুস্থবোধ কৰিব৷ স্নায়ুৱে আৰাম পাব৷
৪. কফি প্ৰেছাৰ বঢ়োৱাত খুবেই কাৰ্যকৰী৷ কেফেইন থকা পানীয় সোনকালেই ৰক্তচাপ বঢ়াই দিয়ে৷ সেয়ে কমি গ’লেই কফি খাওক৷
৫. ৰক্তচাপ বাঢ়ি গ’লে মধু কাৰ্যকৰী৷ এককাপ পানীত ১০০ গ্ৰাম মধু মিহলাই খাওক৷ মৌৱে কেৱল তেজেই শুদ্ধ কৰে তেনে নহয়, বৰং ৰক্তচাপৰ ভাৰসাম্যও বজায় ৰাখে৷
৬. ৰক্তচাপ বাঢ়ি গ’লে চকীত বহাৰ পৰিবৰ্তে শুই থকাই ভাল৷ হঠাৎ ৰক্তচাপ বাঢ়ি গ’লে মাটিত শুই পৰা বা ভৰি দুখন ওপৰৰ দিশে তুলি ৰাখিলে হৃদযন্ত্ৰৰ দিশত ৰক্তসঞ্চালন বাঢ়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ