মাহে উপাৰ্জন ১০ হাজাৰ, আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ২ কোটি টকাৰ জৰিমণা, যুৱক হাইৰাণ
শ্ৰমিক হিচাপে কাম কৰা এগৰাকী যুৱকলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ২ কোটি টকাৰ এক জাননী। যি জাননি দেখি এতিয়া হাইৰাণ যুৱকৰ লগতে যুৱকৰ পৰিয়াল। মাহে ১০ হাজাৰ টকা উপাৰ্জন কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া যুৱকে কিয় লাভ কৰিলে এনে বৃহৎ পৰিমাণৰ টকাৰ জাননী।
এই ঘটনা বিহাৰৰ গয়া জিলাৰ। য’ত গাফিলতিৰ এটা ডাঙৰ গোচৰ পোহৰলৈ আহিছে। আয়কৰ বিভাগে এজন শ্ৰমিকলৈ ২ কোটি ৩০৮ টকাৰ জাননী প্ৰেৰণ কৰিছিল। এই জাননী পোৱাৰ পিছতে শংকিত হৈ পৰিছে শ্ৰমিকজনৰ পৰিয়াল। আয়কৰ বিভাগে ১০ হাজাৰ টকা উপাৰ্জন কৰা এজন ব্যক্তিলৈ ২ কোটি ৩০৮ টকাৰ কৰ জাননী প্ৰেৰণ কৰিছে।
এতিয়া ভুক্তভোগীগৰাকীয়ে বিচলিত হৈ চাৰিদিন ধৰি কাম এৰি আয়কৰ বিভাগৰ কাৰ্যালয়লৈ তাঁতবাটি কাঢ়ি আছে। জাননী লাভ কৰাৰ পিছতে ভুক্তভোগী যুৱকজনে কয় যে তেওঁ গোটেই জীৱন শ্ৰমিক হিচাপে কাম কৰিলেও ইমান টকা উপাৰ্জন কৰিব নোৱাৰে।
ভুক্তভোগী ৰাজীৱ কুমাৰ আয়কৰ বিভাগৰ কার্যালয়লৈ যোৱাৰ সময়ত ঘটনা সন্দৰ্ভত ৰাজীৱক আপীল কৰিবলৈ দিয়ে। লগতে আয়কৰ বিভাগৰ ফালৰ পৰা কয় যে যদি কিবা ভুল হয় তেন্তে কাৰিকৰী ভুল হ’ব পাৰে আৰু তেওঁ ন্যায়ৰ বাবে আবেদন কৰিব লাগিব।
ভুক্তভোগী ৰাজীৱ কুমাৰে জনোৱা মতে, জাননী খনত ২ কোটি টকাৰ ভিতৰত ৬৭ লাখ টকাৰ জৰিমনা মাথো দুদিনৰ ভিতৰতে জমা কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। যদি সেই টকা জমা নিদিয়ে তেন্তে জৰিমণাৰ টকা আৰু বাঢ়ি যাব। পাছে বৰ্তমানলৈ ৰাজীৱে আয়কৰ বিভাগৰ পৰা কোনো সহাৰি লাভ কৰা নাই। ৰাজিৱে কয় যে আয়কৰৰ কথাও মই নাজানো, ১০ হাজাৰ টকা উপাৰ্জন কৰা ব্যক্তিয়ে কেনেকৈ ইমান টকা ৰিটাৰ্ণ দাখিল কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ