কেনে আছে গোবিন্দা ! আজি হাস্পতালৰ পৰা ডিচচাৰ্জ
নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে আঘাতপ্ৰাপ্ত হৈছিল বলীউডৰ অভিনেতা গোবিন্দা। এই দুৰ্ঘটনাৰ পিছত অভিনেতাজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ভৰিত গুলী লাগি আঘাত পাইছিল অভিনেতাগৰাকীয়ে। সুকলমে সেই গুলি আঁতৰ কৰাৰ পাছত আজি চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে গোবিন্দাক।
চিকিৎসালয়ৰ পৰা ওলাই অহাৰ লগে লগে অভিনেতাজনে সকলোকে হাত জোৰ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোকে আশীৰ্বাদ আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। গোবিন্দাক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে।
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ভৰিত বেণ্ডেজৰ লগতে গোবিন্দা হুইল চেয়াৰত বহি আছে। এই সময়ছোৱাত অভিনেতাজনৰ পত্নী আৰু কন্যা টিনাও উপস্থিত থাকে।
ছ’চিয়েল মিডিয়াত গোবিন্দাৰ আন এক ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টোত গোবিন্দাক গাড়ীত বহি ঘৰলৈ ৰাওনা হোৱা দেখা গৈছে। অভিনেতাগৰাকীৰ ডিচচাৰ্জৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিবলৈ আৰম্ভ কৰে।
এই বিষয়ে এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে আপুনি সোনকালে সুস্থ হৈ উঠিব। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে আপোনাৰ জীৱনটো অতি মূল্যৱান, অনুগ্ৰহ কৰি নিজৰ যত্ন লওক। তৃতীয় ব্যৱহাৰকাৰীয়ে লিখিছে যে অনুগ্ৰহ কৰি সোনকালে ভাল হওক। এনেদৰে মন্তব্য কৰি ব্যৱহাৰকাৰীসকলে এতিয়া গোবিন্দৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
উল্লেখ্য যে, ১ অক্টোবৰ তাৰিখে গোবিন্দাই কোনো কামৰ বাবে কলকাতালৈ যোৱাৰ কথা আছিল, সেই উদ্দেশ্যে অভিনেতাজনে সোনকালে শোৱাৰ পৰা উঠি নিজৰ অন্য কামৰ লগতে নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো উলিয়াই আনি চাফা কৰি আছিল। অসাৱধানতঃ সেই গুলীৰে ভৰ্তি ৰিভলভাৰটো গোবিন্দৰ হাতৰ পৰা পৰি যায়। বন্দুকটো মাটিত পৰাৰ লগে লগে গুলী ফুটি পোনে পোনে গোবিন্দৰ ভৰিত লাগে। তাৰ পিছতে অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে এতিয়া গোবিন্দক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে আৰু ঘৰলৈ ৰাওনা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















