মা দুৰ্গা মানেই শক্তি৷ আদ্যাশক্তি মহামায়া শক্তিৰ দেৱী হিচাপেই আৰাধ্য৷ দুৰ্গাৰ পৰা কালী, জগদ্ধাত্ৰীৰ পৰা কৌশিকী ইত্যাদি নাৰীৰূপক আৰাধনা কৰা হয়৷ নৱৰাত্ৰীৰ আজি দ্বিতীয়টো দিন৷ আগন্তুক ৯ অক্টোবৰত পালিত হ’ব মহাষষ্ঠী৷ মা দুৰ্গাৰ আৰাধনা মানে কেৱল আনন্দ উল্লাস আৰু পোহৰৰ আলোকেই নহয়৷ মা দুৰ্গাই আমাক কেইবাটাও শিক্ষা দিয়ে৷ আপুনিও দেৱী দুৰ্গাৰ জীৱনৰ পৰা এই ৫শিক্ষা ল’ব পাৰে৷
ভয়হীনতা
দেৱীয়ে তেওঁৰ ১০হাতত ১০ অস্ত্ৰ তুলি নাৰীয়েই নহয় সকলো মানুহেই কোনো বিপদতেই ভয় কৰিব নালাগে সেই শিক্ষা দিয়ে৷ আমি প্ৰত্যেক দিনাই নানান স্থানৰ পৰা মহিলাৰ ওপৰত অত্যাচাৰ চলাৰ নিউজ দেখা পাও৷ তাতেই মহিষাসুৰৰ বিৰুদ্ধে অস্ত্ৰধাৰিণী দেৱীয়ে আমাক সকলো অন্যায়ৰ বিৰুদ্ধে গৰ্জি উঠাৰ শিক্ষা দিয়ে৷ নাৰী যে দুৰ্বল নহয়, প্ৰয়োজনীয় অন্যায়কাৰীক উচিত শাস্তি দিব পাৰে সেই শিক্ষা আমি মা দুৰ্গাৰ পৰা ল’ব পাৰো৷
শাৰীৰিক শক্তিয়ে সকলো নহয়
সাধাৰণভাৱে এজন পুৰুষ এগৰাকী নাৰীতকৈ বেছি শক্তিশালী হয়৷ সেই হিচাৰে প্ৰবল পৰাক্ৰমী মহিষাসুৰু নিশ্চিতভাৱে বলেৰে দেৱী দুৰ্গাতকৈ শক্তিশালী আছিল৷ কিন্তু গাৰ জোৰেৰে নহয় বুদ্ধি আৰু সাহসেৰে যুঁজ দিছিল দেৱী দুৰ্গাই৷ এই সাহস আৰু বুদ্ধিৰেই তেওঁ মহিষাসুৰক বধ কৰিছিল৷ দেৱী দুৰ্গাৰ পৰা আমি সাহস আৰু বুদ্ধিৰ শিক্ষা ল’ব পাৰো৷
অন্তৰত দুৰ্গাৰ সন্ধান কৰক
প্ৰত্যেক নাৰীৰ মাজতেই আছে এগৰাকী দেৱীৰ ৰূপ৷ দেৱী দুৰ্গাৰ আশীৰ্বাদ বৰ্ষিত হৈ আছে সকলো নাৰীৰ ওপৰতেই৷ কিন্তু আমি প্ৰায়ে নিজৰ অন্তৰত লুকাই থকা সেইগৰাকী দুৰ্গাক দেখা নাপাও৷ যিগৰাকী নাৰীয়ে ঘৰ আৰু বাহিৰৰ অন্যায়ৰ বিৰুদ্ধে নিজেই থিয় দিয়ে তেতিয়াই তেওঁৰ অন্তৰৰ সেই দেৱী দুৰ্গা জাগি উঠে৷ নিজৰ অন্তৰত লুকাই থকা দুৰ্গাক প্ৰত্যেকগৰাকী নাৰীয়েই জগাই তুলক৷ মা দুৰ্গা আমাৰ সমাজৰ প্ৰত্যেকগৰাকী নাৰীৰ ভিতৰত সুপ্ত অৱস্থাত লুকাই আছে, তেওঁক অনুসন্ধান কৰাৰ দায়িত্ব কেৱল আপোনাৰ নিজৰ৷
নিজৰ শক্তিক জগাই তোলক
আমি সকলোৱেই কোনোবা নহয় কোনোবাখিনিত অন্যায়ৰূপী অসুৰৰ মুখামুখি হওঁ৷ নানান বিপদ, নানান সংকটৰ ৰূপ ধৰি অসুৰৰ আগমন ঘটে৷ সেই অসুৰৰ সন্মুখত যদি আমি ভয় নকৰি সাহসেৰে মোকাবিলা কৰো তেন্তে আমাৰ শক্তিক আমি জগাই তুলিছো৷ আমাৰ সকলোৰে ভিতৰত যি শক্তি আছে সেয়া ব্যৱহাৰ নকৰি নকৰি আমি মামৰে ধৰা অৱস্থালৈ ঠেলি দিও বা আমাৰ শক্তি নাই বুলি আমি পিছহুহঁকি আহো৷ ঘৰত বাহিৰত হাজাৰ কাম সামৰি ৰখা এগৰাকী নাৰী কেতিয়াও দুৰ্বল হ’ব নোৱাৰে৷ নাৰী শক্তিৰেই প্ৰতীক সেই কথা বুজাই দিবলৈ হ’লে আমি আমাৰ শক্তিক কাহানিও মামৰে ধৰিবলৈ দিব নালাগে৷ মা দুৰ্গাৰ জীৱনৰ পৰা আপুনিও সেই কথা অনুধাৱন কৰিব পাৰে৷
ভালপোৱা বিলাওক
দেৱীয়ে কেৱল অন্যায়ৰ নিধন নকৰে, তেওঁ ভালপোৱাও বিলায় দিয়ে৷ তেওঁ শান্তিৰূপিনী, তেওঁ প্ৰেমময়ী৷ দহ হাতত অস্ত্ৰ ধৰিলেও নিজৰ এই ৰূপ কেতিয়াও নাপাহৰে মা দুৰ্গাই৷ সকলো নাৰীকেই তেওঁ এই প্ৰেমময়ী ৰূপ জগাই ৰাখিবলৈ শিক্ষা দিয়ে৷ নাৰীয়েই সংসাৰত লাৱণ্য আনে, ভালপোৱাৰে সকলোৰে জীৱন উপচাই তুলিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ