মানুহৰ বাবেই জীৱন জীওৱা মানৱদৰদী গৰাকীৰ আধৰুৱা হৈ ৰোৱা প্ৰেম কাহিনী, ৪ বাৰকৈ পৰিছিল প্ৰেমত
ৰতন টাটা আৰু নাই। দেশৰ উদ্যোগখণ্ডৰ অনন্য ‘ৰত্ন’ ৰতন টাটাই বয়সৰ লগত জড়িত অসুস্থতাৰ পিছত ৮৬ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে। সোমবাৰে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত নিজেই আই চি ইউত ভৰ্তি হোৱাৰ দাবী অস্বীকাৰ কৰে। অৱশ্যে বুধবাৰে তেওঁক পুনৰবাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসকৰ দলটোৰ সকলো প্ৰচেষ্টাৰ পিছতো তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। ৰতন টাটা সৰলতা আৰু সহজ স্বভাৱৰ বাবে পৰিচিত আছিল। ৰতন টাটাৰ ব্যক্তিগত জীৱনৰ কথা কবলৈ গ’লে, তেওঁ আজীৱন অবিবাহিত হৈয়ে ৰৈ যায়। কিন্তু, প্ৰেম তেওঁৰ জীৱনত চাৰিবাৰকৈ আহিছিল।
ৰতন টাটাই নিজেই এক সাক্ষাৎকাৰত নিজৰ প্ৰেম জীৱনৰ কথা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ জীৱনত প্ৰেমে এবাৰ নহয় চাৰিবাৰকৈ আহিছিল যদিও কঠিন সময়ৰ বাবে কোনো এটা সম্পৰ্কই বিবাহৰ পৰ্যায়ত উপনীত হ’ব পৰা নাছিল। ইয়াৰ পিছত তেওঁ আৰু কেতিয়াও বিয়াৰ কথা নাভাবিলে। তেওঁৰ সমগ্ৰ চিন্তা আছিল টাটা গ্ৰুপক আগুৱাই নিয়াত।
উদ্যোগপতি ৰতন টাটাই তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে তেওঁ প্ৰেমত পৰিছে, কিন্তু প্ৰেম কাহিনীয়ে বিয়াৰ পৰ্যায় পাব পৰা নাছিল। লগতে তেওঁ কয় যে বিয়া নকৰাৰ সিদ্ধান্ত তেওঁৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হ’ল, কাৰণ তেওঁৰ বিয়া হোৱা হ’লে পৰিস্থিতি যথেষ্ট জটিল হ’লহেঁতেন। তেওঁ কৈছিল, ‘যদি আপুনি সুধে যে মোৰ কেতিয়াবা প্ৰেম হৈছিল নেকি, তেন্তে মই কওঁ যে মই চাৰিবাৰ বিয়া হোৱাৰ বাবে ছিৰিয়াছ হৈছিলো আৰু প্ৰতিবাৰেই কোনো নহয় কোনো বিষয়ৰ বাবে পিছুৱাই গৈছিলো। প্ৰেমৰ দিনবোৰৰ কথা কওঁতে টাটাই কয়, “যেতিয়া মই আমেৰিকাত কাম কৰি আছিলো, তেতিয়া মই হয়তো প্ৰেমৰ প্ৰতি আটাইতকৈ অধিক একাত্ম হৈ পৰিছিলো আৰু আমি কেৱল ভাৰতলৈ উভতি অহাৰ বাবেই বিয়া হ’ব পৰা নাছিলো।”
ৰতন টাটাৰ প্ৰেমিকা ভাৰতলৈ আহিব বিচৰা নাছিল। দ্বিতীয়তে, একে সময়তে ভাৰত-চীন যুদ্ধও চলি আছিল। শেষত তেওঁৰ প্ৰেয়সীয়ে আমেৰিকাতেই আন কাৰোবাক বিয়া কৰায়। ইয়াৰ পিছত তেওঁ টাটা গ্ৰুপৰ ওপৰত সমগ্ৰ মনোযোগ কেন্দ্ৰীভূত কৰি গ্ৰুপৰ কোম্পানীসমূহক আগুৱাই নিয়াৰ কাম কৰিছিল। একাংশ সংবাদ মাধ্যমৰ বাতৰিতো দাবী কৰা হৈছে যে ৰতন টাটা এসময়ত অভিনেত্ৰী ছিমি গ্ৰেৱালৰ ওচৰলৈ আহিছিল। এটা সাক্ষাৎকাৰত ছিমিয়ে ৰতন টাটাৰ বিষয়ে কৈছিল, ‘তেওঁ এজন নিখুঁত ভদ্ৰলোক। তেওঁৰ হাস্যৰস অতি ভাল আৰু তেওঁ অতি নম্ৰ। কিন্তু তেওঁলোকৰ সম্পৰ্ক কিয় আৰু আগবাঢ়িব পৰা নাছিল সেয়া জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















