পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু
দিল্লীৰ ছফদৰজং হাস্পতালত মৃত্যু হোৱা এটি কিশোৰৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত্যু হোৱা কিশোৰৰ পেটৰ পৰা চিকিৎসকে বাহিৰ কৰে ৫৬ টাকৈ সামগ্ৰী। পেট নহয় যে, কোনো যন্ত্ৰপাতিৰ কাৰখানাহে।
উত্তৰ প্ৰদেশৰ হাথৰছৰ ৰত্নগৰ্ভা কলনীৰ বাসিন্দা আদিত্য শৰ্মা নামৰ ১৪ বছৰীয়া কিশোৰজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। যাৰ পেটৰ পৰা চিকিৎসকে ঘড়ী, ব্লেডৰ টুকুৰাকে ধৰি ৫৬টা সামগ্ৰী উদ্ধাৰ কৰে। চাঞ্চল্যৰ কথা যে, পেটত ব্লেডখন থকাৰ পিছতো ডিঙিত কোনো ঘাঁ হোৱা নাছিল, আনকি ডাক্তৰসকলেও কথাটো দেখি আচৰিত হয়।
মৃত ছাত্ৰজনৰ পিতৃ সঞ্চেত শৰ্মাই জনোৱা মতে, ১৩ অক্টোবৰত তেওঁৰ পুত্ৰৰ পেটৰ বিষৰ লগতে উশাহ লোৱাত অসুবিধা হৈছিল। ইয়াৰ পিছত তেওঁলোকে তেওঁক চহৰৰ এখন চিকিৎসালয়লৈ লৈ যায়। তাৰ পৰাই তেওঁলোকে ১৪ বছৰীয়া আদিত্যক জয়পুৰৰ এছ এম এছ হস্পিতাললৈ লৈ যায়। কিন্তু তাতো কোনো সুফল লাভ নকৰে।

পিছত আলিগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত তদন্ত কৰা হয়। যেতিয়া পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ আহে, তেতিয়া আদিত্যক ঘৰলৈ পঠিয়াই দিয়ে। তাৰ পিছত যেতিয়া সমস্যাৰ সৃষ্টি হয়, ২৫ অক্টোবৰত চিকিৎসকে নাকৰ চিটি স্কেন কৰি দিয়ে। চিটি স্কেনত নাকত এটা গোট ধৰা পৰিছিল আৰু ২৬ অক্টোবৰত অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু গোটটো আঁতৰাই পেলোৱা হৈছিল; যাৰ বাবে আদিত্যৰ উশাহ-নিশাহৰ সমস্যা নোহোৱা হয়। ইয়াৰ পিছত পেটৰ গেছৰ সমস্যা আৰম্ভ হয়।
ইয়াৰ পিছত ২৬ অক্টোবৰৰ বিয়লি এটা ব্যক্তিগত কেন্দ্ৰত আদিত্যৰ পেটৰ আল্ট্ৰাছাউণ্ড কৰি তাত ১৯টা বস্তু উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত চিকিৎসকে তেওঁক ৰেফাৰ কৰে। ইয়াৰ পিছত আদিত্যক নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত আল্ট্ৰাছাউণ্ডত ৫৬টা বস্তু দেখা যায়। তাৰ পৰাই আদিত্যক ছফদাৰজংলৈ প্ৰেৰণ কৰা হয়। ছফদাৰজং হাস্পতালত যেতিয়া আল্ট্ৰাছাউণ্ড কৰা হৈছিল, তেতিয়া আদিত্যৰ পেটত ৫৬টা বস্তু দেখা গৈছিল।
২৭ অক্টোবৰৰ অপাৰেচনৰ পিছত সকলো বস্তু বাহিৰ কৰা হয়। কিন্তু ২৮ অক্টোবৰৰ নিশা আদিত্যৰ মৃত্যু হয়। চিকিৎসকে জনোৱা মতে, আদিত্যৰ হৃদস্পন্দন ২৮০ বিপিএম হয়। সাধাৰণতে ৬০ৰ পৰা ১০০ৰ ভিতৰত হ’ব লাগে। যাৰ বাবেই মৃত্যু হয় আদিত্যৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















