অযোধ্যাৰ ৰাম জন্মভূমি গোচৰৰ পৰা আৰম্ভ কৰি সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ, ডিৱাই চন্দ্ৰচূড় দেশৰ মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত দি গৈছে একাধিক ৰায়দান৷ তেওঁৰ নেতৃত্বাধীন বেঞ্চে দিয়া ৰায়সমূহ লেখত ল’বলগীয়াই৷ বাদী-বিবাদী সমস্ত পক্ষৰ অধিবক্তাই শুনানি চলি থকাৰ সময়ত আদালতৰ ডেকোৰাম নামানিলেই কাঢ়া বাৰ্তা দিছিল মুখ্য ন্যায়াধীশগৰাকীয়ে৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কামৰ শেষ দিনটোত তেওঁ সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি বিদায় লৈছে৷ ইয়াৰ সৈতে জনাই যে আৰু ন্যায়বিচাৰ দিব নোৱাৰিলেও তেওঁ সন্তুষ্ট৷ তেওঁ কয়, ‘মই সম্ভৱত সকলোতকৈ বেছি ট্ৰল খোৱা জাজ৷ সমালোচকসকলো আজিৰ পৰা কৰ্মহীন হৈ পৰিব৷ সমালোচনাক সহ্য কৰিব পৰা ক্ষমতা অৱশ্যে মোৰ আছেই৷’
২০১৬ চনৰ মে মাহৰ পৰা ২০২৪চনৰ নৱেম্বৰ মাহ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ডি ৱাই চন্দ্ৰচূড়ৰ আমোলত কি কি উল্লেখযোগ্য ৰায়দান দিয়া হৈছে?
অযোধ্যা গোচৰ
বাবৰি মছজিদৰ বিতৰ্কিত মাটিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ এই ঐতিহাসিক ৰায় দিয়া হৈছিল ২০১৯ চনত৷ অৱশ্যে তেতিয়া তেওঁ মুখ্য ন্যায়াধীশ নাছিল৷ ছুপ্ৰিম কৰ্টৰ এগৰাকী বিশেষ জাজ হিচাপে তেওঁ তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বেঞ্চৰ সদস্য আছিল৷
ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ
২০১৭ চনৰ এই গোচৰত ৯জনীয়া ন্যায়াধীশৰ সাংবিধানিক বেঞ্চে ঐক্যমত হৈ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৰায় দিছিল যে গোপনীয়তা সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনৰ এক মৌলিক অধিকাৰ৷ সেয়া জৰুৰী অৱস্থাৰ সময়তো বাহাল থাকিব৷ ১৯৭৬চনত উচ্চতম ন্যায়ালয়ে জনাইচিল যে জৰুৰী অৱস্থাৰ সময়ত মৌলিক অধিকাৰৰ কথাবোৰ উঠাই লোৱা হয়৷ সেই ৰায় দিয়া বেঞ্চৰ সদস্য আছিল ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড়৷ পিতৃৰ সেই ৰায়কেই ভুল প্ৰতিপন্ন কৰিলে পুত্ৰই৷
নিৰ্বাচনী বণ্ড
নিৰ্বাচনী বণ্ডক অসাংবিধানিক ঘোষণা কৰে ছুপ্ৰিম কৰ্টে৷
পৰকীয়া ফৌজদাৰী অপৰাধ নহয়
পাঁচজনীয়া সাংবিধানিক বেঞ্চে ৰায় দিয়ে যে পৰকীয়া ফৌজদাৰী অপৰাধ নহয়৷ IPC ৪৯৭ ধাৰাক বাতিল ঘোষণা কৰা হয়৷
LGBTQ+ অধিকাৰ
IPC ৩৭৭ অৰ্থাৎ সমকামিতাক ডিক্ৰিমিনালাইজ কৰা হয়৷ এই ৰায় LGBTQ+ৰ মৌলিক অধিকাৰ স্থাপন কৰে আৰু বৈষম্যৰ বিৰুদ্ধে এই নজিৰবিহীন মাইলফলক স্থাপন কৰে৷
হাদিয়া মামলা
২০১৭ চনৰ এই গোচৰত নিজৰ পছন্দৰ প্ৰাৰ্থীক বিয়াৰ অধিকাৰক সংবিধানত স্বীকৃত জীৱন আৰু স্বাধীনতাৰ অধিকাৰৰ আওঁতাভূক্ত কৰা হয়৷
ছৱৰিমালাত প্ৰৱেশাধিকাৰ
কেৰালাৰ ছৱৰিমালা মন্দিৰত ১০-১৫ বছৰ বয়সীয়া নাৰীৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা তুলি লোৱাৰ পক্ষত আছিল মুখ্য ন্যায়াধীশে৷
ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ
বিচাৰিলেই যি কোনো ব্যক্তিগত স্থাৱৰ সম্পত্তি কাঢ়ি ল’ব নোৱাৰিব কোনো ৰাষ্ট্ৰই৷ তাৰ বাবে চৰ্ত পূৰণ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















