পষ্ট অফিচৰ বহুতো স্কিম আছে৷ কিন্তু জানেনে ২৫০টকা বিনিয়োগ কৰিলেই আপুনি লাভ কৰিব পাৰে ৭১লাখ টকা৷ শুনিলে বহুতেই হয়তো একেষাৰে ক’ব যে এয়া মিছা৷ কিন্তু প’ষ্ট অফিচতেই আছে এনে এক স্কিম৷ ঘৰত যেতিয়া কন্যা সন্তান জন্ম হয় তেতিয়াই তেওঁৰ বিয়া আৰু শিক্ষাক লৈ সকলোৰে চিন্তা হয় আমাৰ দেশত৷ সেয়ে জন্মৰ লগে লগেই ধন জমা কৰিবলৈ আৰম্ভ কৰে বহুতেই৷
বৰ্তমান বেংকত সুদৰ হাৰ যিমান দিয়ে সেই হিচাপত বেংকত ধন ৰাখি কোনো লাভ নহয় সাধাৰণ লোকৰ৷ কিন্তু পষ্ট অফিচ হৈছে এনে এক স্থান য’ত সুকন্যা সমৃদ্ধি যোজনা নামৰ এক যোজনা আছে৷ এয়া কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰকল্প৷ ২০১৫ চনৰ পৰা আৰম্ভ হৈঠে এই প্ৰকল্প৷ এগৰাকী কন্যা সন্তানৰ ভৱিষ্যৎ সুনিশ্চিত কৰাই এই আঁচনিৰ লক্ষ্য৷ ইয়াতেই আপুনি কমকৈ ২৫০ টকাৰ পৰা আৰম্ভ কৰি যিমান পাৰে সিমান ধন বিনিয়োগ কৰিব পাৰে৷ সৰ্বোচ্চ ডেৰ লাখ টকালৈকে দিব পাৰে৷ ইয়াতেই আপুনি পাব ৮.২শতাংশ সুদ৷’
নিজৰ ঘৰৰ কন্যাৰ বয়স ১০ বছৰ হ’লেও তেওঁৰ নামত একাউণ্ট খুলিব পাৰে আপুনি৷ মুঠ ১৫বছৰ ধৰি আপুনি টকা ৰাখিব পাৰে এই একাউণ্টত৷ ২১ বছৰ পাছত এই একাউণ্ট মেচিউৰিটি হয়৷ কিন্তু কেনেকৈ ৭১লাখ টকা পাব? যদি আপুনি এবছৰত ডেৰ লাখ টকা বিনিয়োগ কৰে তেন্তে ১৫ বছৰত আপোনাৰ মুঠ বিনিয়োগ হ’ব ২২লাখ ৫০হাজাৰ টকা৷ এই টকা ২১ বছৰ পাছত ৭১লাখ ৮২ হাজাৰ ১১৯ টকা হব৷ যেতিয়া এই ধন আপোনাৰ মেছিউৰ হ’ব তেতিয়া আপুনি কোনো কৰো দিব নালাগে৷ নিজৰ কন্যাৰ ভৱিষ্যৎ নিশ্চিত কৰিবলৈ দ্ৰুত বিনিয়োগ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















