নাম সলনি হ’ল অসমৰ কৰিমগঞ্জ জিলাৰ৷ অসমৰ বৰাক উপত্যকাৰ তিনি জিলাৰ ভিতৰত অন্যতম কৰিমগঞ্জ৷ কৰিমগঞ্জৰ নতুন নাম হৈছে শ্ৰীভূমি৷ মঙলবাৰে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত কৈছে যে, এই অঞ্চলৰ মানুহে দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছিল৷ সেই দাবীৰ প্ৰতি সন্মান জনাই আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক সন্মান জনাই এই পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁৰ মতে শতাধিক বছৰ পূৰ্বে আধুনিক কৰিমগঞ্জ জিলাক শ্ৰীভূমি, অৰ্থাৎ মা লক্ষ্মীৰ ভূমি হিচাপে বৰ্ণনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে৷ কিন্তু সঁচাকৈয়ে কৰিমগঞ্জ জিলাক শ্ৰীভূমি বুলি কৈছিল নে ৰবীন্দ্ৰনাথ ঠাকুৰে?
কি কৈছে মুখ্যমন্ত্ৰীয়ে?
সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘১০০ বছৰৰো বেছি সময় পূৰ্বে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে অসমৰ আধুনিক কৰিমগঞ্জ জিলাক শ্ৰীভূমি অৰ্থাৎ মা লক্ষ্মীৰ ভূমি হিচাপে বৰ্ণনা কৰিছিল৷ আজি অসম মন্ত্ৰীসভাই দীৰ্ঘদিনৰ দাবী পূৰণ কৰিছে৷’ তেওঁ লগতে কৈছে, ‘এই পদক্ষেপৰ লক্ষ্য অসমৰ দক্ষিণতম জিলাৰ প্ৰাচীন গৌৰৱ পুনৰুদ্ধাৰ কৰা৷’
তেওঁৰ লগতে দাবী, এই সিদ্ধান্তই কৰিমগঞ্জক এক স্বতন্ত্ৰ পৰিচয় দিব৷ এই জিলাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক তুলি ধৰিব৷ যি নামৰ কোনো ঐতিহাসিক ভিত্তি নাথাকে বা অভিধানত নাই, সেইসমূহৰ নাম সলনি কৰি দিয়া হ’ব৷ কৰিমগঞ্জ নামটো অসমীয়া বা বাংলা অভিধানত নাই৷ কিন্তু শ্ৰীভূমিৰ উল্লেখ আছে আৰু ইয়াৰ অৰ্থও আছে৷’
উল্লেখ্য যে ব্ৰিটিছে ১৮৭৮ চনত বাংলাভাষী ছিলেট বা শ্ৰীহট্ট জিলাক অসম প্ৰদেশৰ অন্তৰ্ভূক্ত কৰা হৈছিল৷ ১৮৭৮ত কৰিমগঞ্জক জিলাৰ এক মহকুমা হিচাপে ঘোষণা কৰা হৈছিল৷ জিলা সদৰ হৈছিল কৰিমগঞ্জ চহৰ৷ ১৯৪৭ত তিনিখন থানা বাদ দি সমগ্ৰ চিলেট জিলাকেই পূৰ্ব পাকিস্তানত চামিল কৰা হৈছিল৷ কেৱল ৰাতাবাড়ী, বদৰপুৰ, পাথাৰকান্দি আৰু কৰিমগঞ্জ থানা এলেকাক অন্তৰ্ভূক্ত কৰা হয় অসমৰ কাছাৰ জিলাত৷ প্ৰথমে এই সকলো মিলি আছিল কৰিমগঞ্জ মহকুমা৷ ১৯৮৩ত ইয়াক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হয়৷
১৯১৯ চনত, জালিৱানবালাবাগৰ বীভৎস হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধি ত্যাগ কৰাৰ কেইবামাহ পাছত শ্বিলঙলৈ আহিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ৷ তেওঁৰ সংগী আছিল পুত্ৰ ৰথীন্দ্ৰনাথ আৰু বোৱাৰীয়েক প্ৰতিমা দেৱী৷ শ্বিলং আছিল তৎকালীন অসম ৰাজ্যৰ ৰাজধানী৷ কিন্তু চিলেট বা শ্ৰীহট্ট আছিল সকলোতকৈ গুৰুত্বপূৰ্ণ চহৰ৷ কবিগুৰুক শ্বিলঙৰ পৰা চিলেটলৈ লৈ আহিছিল তাৰ ব্ৰাহ্মণসমাজৰ সাধাৰণ সম্পাদক, গোবিন্দ নাৰায়ণ সিংহ মজুমদাৰে৷ ১৯৪১ ত প্ৰকাশিত হৈছিল তেওঁৰ চিলেট ভ্ৰমণৰ স্মাৰক গ্ৰন্থ৷ সেই গ্ৰন্থতেই চিলেট সম্পৰ্কে ৰবীন্দ্ৰনাথে লিখিছিল, ‘মমতাবিহীন কালস্রোতে / বাঙলার রাষ্ট্রসীমা হোতে / নির্বাসিতা তুমি সুন্দরী শ্রীভূমি।’
স্পষ্টকৈ ৰবীন্দ্ৰনাথৰ লেখাত পূৰ্ববংগৰ পৰা ঔপনিবেশিক চক্ৰান্ত চিলেট জিলাৰ বিচ্ছিন্ন হোৱাক লৈ আক্ষেপ দেখা যায়৷ তেওঁৰ লেখাত শ্ৰীভূমি আছিল সমগ্ৰ শ্ৰী হট্ট বা চিলেট জিলা কেৱল কৰিমগঞ্জ মহকুমা বা জিলা নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ