অসমীয়া কেলেণ্ডাৰ অনুসৰি কাতি মাহৰ পাছতেই আঘোণ মাহ। ১৭ তাৰিখৰ পৰা আৰম্ভ হৈছে আঘোণ মাহ।বৈদিক পঞ্জিকা অনুসৰি কাতি পূৰ্ণিমাৰ পাছতেই আৰম্ভ হয় আঘোণ মাহ। হিন্দু ধৰ্ম অনুসৰি আঘোণ হ’ল শ্ৰীকৃষ্ণৰ অতি প্ৰিয় মাহ। এই মাহত শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব কেইটামান ৰাশিৰ জাতকে। ইয়াৰোপৰি আঘোণ মাহত সূৰ্য দেৱতাৰ পূজা কৰিলে লাভজনক। এই মাহৰ পূৰ্ণিমা তিথিত পালিত হয় ৰাধা কৃষ্ণৰ প্ৰেমৰ উৎসৱ ৰাস পূৰ্ণিমাও। জানি থওক আঘোণ মাহত শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সুখ সৌভাগ্যৰ শিখৰত অৱস্থান কৰিব কেইটামান ৰাশিৰ জাতকে।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকল সাহসী, দৃঢ়মনা, আত্মবিশ্বাসী। সহজভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব এই ৰাশিৰ জাতকৰ। এই সকলোবোৰ গুণৰ বাবেই সিংহ ৰাশিৰ জাতকৰ পঠন্দ সদায় শ্ৰী কৃষ্ণ। চলিত আঘোণ মাহত কৃষ্ণৰ আশীৰ্বাদ এই ৰাশিৰ ওপৰত থাকিব। কেৰিয়াৰত উন্নতি। আৰ্থিকভাৱে লাভৱান হ’ব এই ৰাশিৰ জাতক।
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ মনত গভীৰ ভক্তি আৰু বিশ্বাস থাকিব। শ্ৰী কৃষ্ণৰ প্ৰতি এওঁলোকৰ অত্যন্ত ভক্তিভাৱ থাকে। আঘোণ মাহত শ্ৰী কৃষ্ণৰ বিশেষ আশীৰ্বাদত সুখ স্বাচ্ছন্দ্যৰ অভাৱ নহ’ব তুলা ৰাশিৰ জাতকৰ। প্ৰেমত শুভ। এই মাহত যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই।
ধনু ৰাশি
আঘোণ মাহত শ্ৰী কৃষ্ণৰ আশীৰ্বাদত জীৱনত সফলতা আহিব ধনু ৰাশিৰ জাতকৰ। কৃষ্ণৰ আশীৰ্বাদত আত্মীক আৰু ধাৰ্মিক উন্নতি হ’ব। ইয়াৰোপৰি আৰ্থিকভাৱেও লাভবান হ’ব এই ৰাশিৰ জাতক। আঘোণ মাহত বিশেষ অভিজ্ঞতাৰ মুখামুখি হ’ব এই ৰাশিৰ জাতক।
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে নিয়ম মানি চলি ভালপায়। এওঁলোকে এবাৰ যি কৰিম ভাৱে সেয়া কৰিহে ক্ষান্ত হয়। নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ়প্ৰতিজ্ঞ থকাৰ স্বভাৱৰ বাবেই এওঁলোক শ্ৰীকৃষ্ণৰ প্ৰিয়। আঘোণ মাহত বংশীধৰৰ কৃপাত জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতি হ’ব। সকলো বিপদৰ পৰা তেওঁলোকক শ্ৰীকৃষ্ণই মুক্ত কৰি ৰাখিব।
মীন ৰাশি
মীন ৰাশিৰ জাতক দয়ালু আৰু আনৰ প্ৰতি এওঁলোকৰ সমবেদনা থাকে। শ্ৰী কৃষ্ণৰ বিশেষ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত আপোনাৰ মাজত ধৰ্মীয় চেতনা জাগ্ৰত হ’ব। সুখ স্বাচ্ছন্দ্য লাভ কৰিব মীন ৰাশিৰ জাতকে। সংসাৰত সুখ, শান্তি আৰু ভালপোৱা বৰ্তী থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ