চিনেমাৰ পৰা ৰিয়েলিটি জগৎ এসময়ত তেওঁৰ জীৱনটোৱেই আছিল বিতৰ্ক৷ বিতৰ্ক হৈছিল বিগ বছৰ ঘৰতো৷ কেৰিয়াৰৰ শীৰ্ষস্থানত উপনীত হওঁতেই হঠাৎ গ্লেমাৰ দুনীয়াক বিদায় দিয়ে ছানা খানে৷ ডুবাইৰ নিৱাসী মৌলানা মুফতি আনাছ ছৈয়দক বিয়া কৰাই৷ বিবাহৰ পাছতেই বোৰ্খাৰ আঁৰৰ জীৱন কটাইছে ছানা খানে৷ বৰ্তমান তেওঁ এটি ডেৰবছৰীয়া কণমানিৰো মাতৃ৷ প্ৰথম সন্তানৰ ডেৰ বছৰ হওঁতেই আকৌ দিছে সন্তান সম্ভৱা হোৱাৰ খবৰ৷
বিগত বছৰৰ জুলাই মাহত পুত্ৰসন্তানৰ জন্ম দিছে ছানাই৷ এইবাৰ আকৌ অন্তঃসত্ত্বা হোৱাৰ খবৰ জনাইছে তেওঁ৷ এক ভিডিঅ’যোগে শুকুৰবাৰে পৰিয়াল ৩ৰ পৰা ৪ হম বুলি জনাইছে৷ সামাজিক মাধ্যমত লিখিছে, ‘এই ধৰণৰ উপহাৰ দিয়াৰ ক্ষমতা একমাত্ৰ আল্লাহৰেই আছে৷ আশীৰ্বাদ কৰক যাতে সংখ্যাৰেই নহয় গুণেৰেও আমাৰ পৰিয়ালৰ শ্ৰী বৃদ্ধি হওক৷ আল্লাই আশীৰ্বাদ কৰক যাতে আমাৰ আগন্তুক পথ মসৃণ হয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















