শুকুৰবাৰে নিশা সংঘটিত হোৱা এটা হত্যাকাণ্ডই জোঁকাৰি গৈছে ৰাজ্য৷ নৃশংসভাৱে একেঘৰৰেই ৩ব্যক্তি আৰু এজন অচিনাক্ত ব্যক্তিক ঘঁপিয়াই হত্যা৷ ৰূপহীঘাটত গড়াজানত এই ঘটনা৷ কিন্তু কিয়, কোনে এনেকৈ হানিখুচি হত্যা কৰিলে এইকেইগৰাকী ব্যক্তিক সেই লৈ সৃষ্টি হৈছে চাঞ্চল্য৷
গড়াজানৰ ঘনুধৰ সৰকাৰসহ পৰিয়াল ছনুধৰ সৰকাৰ, জয়াস্মীতি সৰকাৰক নৃশংস ভাবে হানি খুঁচি থৈ যোৱাৰ লগতে তেজেৰে ৰাঙলী হৈ পৰি ৰয় আন এটাও অচিনাক্ত মৃতদেহ। নিশাই ঘটনাস্থলীত নগাওঁ জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও, নগাওঁ আৰক্ষীয়ে CID লৈ হস্তান্তৰ কৰে উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব৷
CID ৰ দলে নিশাই উপস্থিত হৈ প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ কৰিছে এখন মটৰ চাইকেল। হত্যাৰ বলি ঘনুধৰ সৰকাৰৰ পুত্ৰ ভাস্কৰ জ্যোতি সৰকাৰে অভিযোগ উত্থাপিত কৰে নগাঁৱৰ অনুপম সূত্ৰধৰ নামৰ এজন লোকৰ সৈতে কিছুদিনৰ পৰা চলি আছিল বিবাদ। দুই পক্ষৰ মাজত হোৱা বিবাদক কেন্দ্ৰ কৰি নগাওঁ সদৰ থানাত ৰুজু হৈছিল গোচৰো।
ঘনুধৰ সৰকাৰৰ ডাঙৰ জীয়ৰী আখী সৰকাৰৰ বুধবাৰে আছিল বিবাহ, বিবাহৰ বাবে ইতিমধ্যে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। শুক্ৰবাৰে সন্দিয়া আখীৰ বিয়া উপলক্ষে ভাতৃ ভাস্কৰজ্যোতি সৰকাৰে নগাঁৱলৈ বজাৰ কৰিবলৈ গৈছিল৷ তেনে সময়তে ঘৰত পৰিয়ালৰ আন তিনিজনক হত্যা কৰে দুৰ্বৃত্তই৷
আশ্বৰ্যকৰ বিষয় হল ঘনুধৰৰ পৰিয়ালৰ তিনিজনৰ সৈতে পৰি থকা মৃতদেহটো কাৰ? কৰ পৰা আহিছিল লোকজন? উদ্ধাৰ হোৱা মটৰ চাইকেলখনৰ সৈতে কি সম্পৰ্ক অচিনাক্ত মৃতদেহটোৰ। এই সমগ্ৰ ঘটনাই এতিয়া ৰহস্যৰ আৱৰ্তত যদিও ভাতৃ ভাস্কৰৰ মন্তব্যৰ পৰা সমগ্ৰ ঘটনাটো প্ৰেমজনিত বুলিও সন্দেহ কৰিছে প্ৰায়সংখ্যকেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ