বিপদ কেতিয়াও কৈ নাহে৷ সেয়ে সকলোসময়তে কিছু ধন মানুহে জমা কৰি ৰাখিব বিচাৰে৷ যাতে প্ৰয়োজনৰ সময়ত কামত লাগে৷ অন্যথা শেষ উপায় পাৰ্ছনেল ঋণ বা লোন৷ পাৰ্ছনেল ঋণৰ সুদৰ হাৰ অলপ বেছি৷ অন্যান্য ফিও দিবলগীয়া হয়৷ অৱশ্যে এই ঋণ পাবলৈ বেছি কাগজ পত্ৰৰো প্ৰয়োজন নাই৷ কোনো বন্ধকীও দিব নালাগে৷ পাৰ্ছনেল ঋণ যি কোনো কামতেই আপুনি ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে ক্ৰেডিট স্কোৰ, ঋণৰ ম্যাদ ইত্যাদিৰ ওপৰত সুদৰ হাৰ নিৰ্ভৰ কৰে৷ পাৰ্ছনেল ঋণত অৱশ্যে প্ৰছেচিং ফি আপুনি দিব লাগে৷ ইয়াৰ সৈতে জি এছ টিও আছে৷ সকলো মিলি এইছডি এফ চি বেংকৰ পৰা ৭ বছৰৰ ম্যাদত আপুনি যদি ৮লাখৰ পাৰ্ছনেল ঋণ লয় তেন্তে প্ৰতি মানে কিমান টকা EMI দিব লাগিব?
দেশৰ বৃহত্তং বেচৰকাৰী বেংক HDFC ত বাৰ্ষিক ১০.৮৫ শতাংশৰ পৰা আৰম্ভ কৰি ২৪ শতাংশ সুদৰ হাৰত পাৰ্ছনেল ঋণ পোৱা যায়৷ ঋণগ্ৰহীতাৰ বয়স, আয়, ক্ৰেডিট স্কোৰ, ঋণৰ ম্যাদ ইত্যাদিৰ ওপৰতেই সুদৰ হাৰ নিৰ্ভৰ কৰে৷ পাৰ্ছনেল ঋণত প্ৰছেচিং ফিও দিব লাগে৷ ইয়াৰ সৈতে আছে জিএছটিও৷ সকলো মিলি HDFC বেংক ৬৫০০ টকালৈকে দিবলগীয়া হ’ব পাৰে৷
লোন কেলকুলেটৰৰ পৰা খুব সহজেই এই হিচাপ উলিয়াব পাৰি৷ ইয়াত ঋণৰ পৰিমাণ, সুদৰ হাৰ আৰু ম্যাদ দিলেই নিৰ্ভুল EMI গণনা কৰি দিয়ে এই কেলকুলেটৰে৷ ৭বছৰৰ ম্যাদত ৮লাখৰ পাৰ্ছনেল লোনত কিমান EMI আহিব তাৰ হিচাপ EMI কেলকুলেটৰ অনুসৰি ১৩,৬৫৩৷ ৮লাখৰ ঋণত ঋণগ্ৰহীয়ে ৭ বছৰত মুঠ সুদ প্ৰায় ৩লাখ ৪৫ হাজাৰ ৩৩৫টকা বেংকক দিব লাগিব৷ অৰ্থাৎ ৮লাখৰ ঋণত বেংকক উভতাই দিব লাগিব মুঠ ১১লাখ ৪৫ হাজাৰ ৩৩৫টকা৷ পাৰ্ছনেল ঋণৰ বাবে অনলাইনতেই HDFC বেংকৰ ওচৰত আবেদন কৰিব পাৰে৷
বেংকৰ শাখালৈ গৈয়ো আবেদন জনাব পাৰে৷ পাৰ্ছনেল ঋণৰ বাবে HDFC এপ খুলি এপ্লাই নাও অপছনত ক্লিক কৰিব লাগিব৷ তাৰপাছতেই ঋণ অপছনত যাব৷ ইয়াত ক্লিক কৰিলে এখন ফৰ্ম আহিব৷ সেয়া পূৰণ কৰাৰ পাছত কেৱাইচি দি ছাবমিট অপছনত ক্লিক কৰক৷ ইয়াৰপাছতেই বেংকে সেই ফৰ্ম চেক কৰিব৷ আবেদনকাৰী যদি ঋণ পোৱাৰ যোগ্য হয় তেন্তে কেইদিনমানৰ ভিতৰতেই একাউণ্টত ঋণৰ টকা সোমোৱাই দিব বেংকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ