জ্যোতিষশাস্ত্ৰত গ্ৰহৰ স্থান পৰিবৰ্তন নিৰ্দিষ্ট ৰাশিৰ জীৱনত প্ৰভাৱ পেলাই৷ সম্প্ৰতি বক্ৰী দশাত আছে মঙ্গল৷ বৈদিক জ্যোতিষশাস্ত্ৰত, মঙ্গলক সাহস, শক্তি, সাহসিকতাৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ বিগত ৭ ডিচেম্বৰৰ পৰা মঙ্গলে তাৰ নিম্নতম ৰাশি কৰ্কটত বক্ৰী হ’বলৈ আৰম্ভ কৰিছে৷ আগন্তুক বছৰৰ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত এই অৱস্থাত থাকিব গ্ৰহৰ সেনাপতি৷ ইয়াৰপাছতেই মাৰ্গী হ’বলৈ আৰম্ভ হ’ব৷ ৮০ দিনৰ বাবে মঙ্গলৰ বক্ৰী দশা তিনিটা ৰাশিৰ বাবে লাভজনক হ’ব৷ কাৰ কাৰ অৰ্থভাগ্য তুংগত থাকিব?
মেষ ৰাশি
আত্মবিশ্বাস বাঢ়িব৷ কৰ্মক্ষেত্ৰত শত্ৰুক চিনিবলৈ শিকক তেতিয়া সাফল্য পাব৷ আৰ্থিক পৰিস্থিত ভাল হ’ব৷ যিকোনো কামত পৰিয়ালৰ সমৰ্থন পাব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷
সিংহ ৰাশি
বছৰৰ শেষত সুখবৰ পাব পাৰে৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ অফিচত সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব পাৰে৷ সমাজত মান সন্মান বাঢ়িব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷
তুলা ৰাশি
মঙ্গলৰ বক্ৰী দশা তুলা ৰাশিৰ মানুহৰ ভাগ্য উদয় হ’ব৷ কৰ্মস্থলত উন্নতিৰ ৰাস্তা খুলিব৷ ব্যৱসায়ীসকলে বৃহৎ বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালত আৰ্থিক সংকট থাকিব৷ বহু দিন ধৰি পাবলগীয়া ধন পাব৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময় শুভ৷ পৰিয়ালৰ সকলোৰে সৈতে সম্পৰ্ক মজবুত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















