গুপুতে যুদ্ধৰ বাবে সাজু নেকি বাংলাদেশ, সীমান্তলৈ প্ৰেৰণ অতিৰিক্ত সেনা জোৱান
ভাৰতৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰা মহম্মদ ইউনুছ চৰকাৰে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধিৰ বাবে বহু লোকক একগোট কৰা পৰিলক্ষিত হৈছে। বৰ্তমানে এনে দেখা গৈছে , যেন বাংলাদেশে ভাৰতৰ সৈতে প্ৰত্যক্ষ যুদ্ধৰ বাবে সাজু হৈছে।
আনহাতে সদ্যহতে বি এছ এফ আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ অৰ্থাৎ বি জি বিৰ মাজত সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ সন্দৰ্ভত যথেষ্ট উত্তেজনা সৃষ্টি হৈছিল। কোনোমতে শান্ত হৈছিল পৰিৱেশ।
কিন্তু এতিয়া আন এক দৃশ্য হে সীমান্তত দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ ভূমিত সীমান্তত ঘাঁহ আঁতৰাই গাঁত খান্দি থকা দেখা গৈছে। চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। সীমান্তত বাংকাৰ নিৰ্মাণত ব্যস্ত দেখা গৈছে বাংলাদেশক। বাংলাদেশে উত্তৰ বংগৰ গাতে লাগি থকা বহু অঞ্চলত বাংকাৰ নিৰ্মাণ কৰি থকা প্ৰকাশ পাইছে।
যাৰ বাবে এতিয়া উত্তৰ বংগৰ সীমান্তৱৰ্তী অঞ্চলত দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছে। এই সন্দৰ্ভতো সীমান্তৰ দুয়োপাৰৰ গাঁওবাসীৰ মাজত বিবাদৰ সৃষ্টি হৈছে। বিষয়টোৰ গুৰুত্ব দেখি বিজিবিয়ে নিজৰ সৈনিকৰ সংখ্যাও বৃদ্ধি কৰিছে।
ইয়াৰ প্ৰত্যুত্তৰত বি এছ এফেও নিজৰ জোৱানৰ সংখ্যাও বৃদ্ধি কৰিছে সীমান্তত। টিন বিঘা সীমান্তত বি এছ এফে দেখুৱাইছে সম্পূৰ্ণ কাৰ্যকলাপ। ইতিমধ্যে চোৰাংচোৱাগিৰিও বহু পৰিমাণে বৃদ্ধি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















