৯০ ৰ দশকৰ ছুপাৰহীট নায়িকা মমতা কুলকাৰ্নি৷ শ্বাহৰুখ খান, ছলমান খানৰ পৰা আৰম্ভ কৰি অক্ষয় কুমাৰলৈকে বহুকেইজন বলীউড তাৰকা অভিনেতাৰ সৈতে অভিনয়ত যুঁটি বান্ধিছে মমতা কুলকাৰ্নিয়ে৷ মমতা কুলকাৰ্নি মানেই অৰ্ধউলংগ দেহেৰে বল্ড দৃশ্য৷ তেওঁক লৈ ৯০ৰ দশকত সাধাৰণ পুৰুষৰ মনত জাগিছিল বিশেষ উত্তেজনা৷ মমতা বল্ড দৃশ্যৰ বাবেই জনপ্ৰিয় হৈ উঠিছিল সেই সময়ত৷
মমতা কুলকাৰ্নি থকা মানেই তেতিয়া একোখন ছবি ছুপাৰহীট৷ যিকোনো বল্ড দৃশ্যত তেওঁ সাৱলীলভাৱে অভিনয় কৰিছিল৷ সেই সময়তেই সাহসেয়ে অৰ্ধ উলংগ দেহ দেখুৱাইছিল ছবিত৷ তেওঁৰ পোছাকক লৈ সেই সময়ত সমালোচনাও প্ৰচুৰভাৱে হৈছিল৷ সেই বল্ড পোছাকৰ সুন্দৰী নাৰীগৰাকীয়ে সন্যাস ল’ব কোনেও কল্পনা কৰিব নোৱাৰা বিষয়৷ অকল্পনীয়ভাৱেই ৫২বছৰ বয়সত সন্ন্যাস গ্ৰহণ কৰিলে ৯০ ৰ দশকৰ বল্ড অভিনেত্ৰী মমতা কুলকাৰ্নিয়ে৷ সলাই পেলালে নিজৰ জীৱন৷ সকলো এৰি সন্যাস গ্ৰহণ কৰিছে মমতাই৷
কি নাছিল মমতাৰ হাতত? সকলো নিজ হাতেই আঁতৰাই পঠিয়াই তেওঁ এতিয়া সন্যাসী৷ মমতা কুলকাৰ্নিৰ প্ৰেমত পাগল আছিল মুম্বাইৰ অন্ধকাৰ জগতৰ ডাঙৰ ডাঙৰ ডনো৷ লাস্যময়ী নায়িকাৰ প্ৰেমত পৰিছিল ছোটা ৰাজনো৷ কিন্তু সেই সম্পৰ্ক বেছিদিন নিটিকিল৷ তাৰপাছতেই পৰবৰ্তি সময়ত তেওঁ বিয়া কৰাই ড্ৰাগ মাফিয়া ভিকি গোস্বামীক৷ এটাৰ পাছত আনটো বিতৰ্কত সোমাই হঠাৎ বলীউডৰ কেৰিয়াৰ স্তব্ধ হয় মমতাৰ৷ বলীউডৰ গ্লেমাৰাছ কেৰিয়াৰ বাদ দিলেও তেওঁৰ কিন্তু চৰ্চা চলিয়েই থাকিল৷
শেহতীয়াভাৱে মহাকুম্ভৰ কিন্নৰ আখড়াত মহামণ্ডলেশ্বৰ আচাৰ্য লক্ষ্মী নাৰায়ণৰ হাতত ধৰি মমতাই আৰম্ভ কৰিছে আধ্যাত্মিক জীৱন৷ সন্ন্যাস লোৱাৰ ফলত নিয়মানুসৰি সলনি হৈ পৰিল বলীউডৰ এসয়মৰ হিট নায়িকা মমতা কুলকাৰ্নিৰ পৰিচয়ো৷ তেওঁৰ নতুন নাম হৈছে মমতানন্দ গিৰি৷
মহাকুম্ভৰ কিন্নৰ আখড়াৰ পৰা ভাইৰেল হোৱা ছবিত ছলমান-শ্বাহৰুখৰ নায়িকা মমতাৰ দেখা গৈছে গেৰুৱা বসনত৷ ডিঙিত ৰুদ্ৰাক্ষৰ মালা৷ কঁপালত গেৰুৱা তিলক৷ সেই ৯০ দশকৰ হট নায়িকা মমতা এতিয়া সন্ন্যাসী?৷ জীৱনৰ বহু সমস্যাৰ পাছত শেষত তেওঁ জীৱন জীওৱাৰ বাবে বাচি লৈছে সন্ন্যাসীৰ জীৱন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















