৩৮০০ কোটি টকাৰ চুক্তি ভাৰতৰ, বিক্ৰী কৰিব ব্ৰহ্মচ ক্ষেপণাস্ত্ৰ, পাছে কোন দেশৰ সৈতে এই চুক্তি
ভাৰতে পুনৰবাৰ সমগ্ৰ বিশ্বক দেখুৱাইছে ‘মেড ইন ইণ্ডিয়া’ৰ শক্তি। ভাৰতে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ পতাকা উৰুৱাইছে। এতিয়া ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সঁজুলি মিছাইল বৃহৎ পৰিসৰত ৰপ্তানি কৰা হৈছে।
ভাৰতে ‘মেড ইন ইণ্ডিয়া’ ব্ৰহ্মছ মিছাইলৰ ৰপ্তানিৰ চুক্তি নিশ্চিত কৰিছে। ইণ্ডোনেছিয়াৰ সৈতে প্ৰায় ৩৮০০ কোটি টকা অৰ্থাৎ ৪৫ কোটি ডলাৰৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ বিক্ৰীৰ চুক্তি চূড়ান্ত কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে ভাৰতে ফিলিপাইনছক ব্ৰহ্মচ ক্ষেপণাস্ত্ৰ বিক্ৰী কৰিছিল।
উল্লেখ্য যে ভাৰতৰ গণৰাজ্য দিৱসত বিশেষ অতিথি হিচাপে উপস্থিত আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটো। তেওঁৰ সৈতে ভাৰতলৈ অহা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোৱে দেওবাৰে ব্ৰহ্মছ এৰ’স্পেচ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।
ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা চলি থকাৰ সময়তে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণ। প্ৰায় ৪৫ কোটি ডলাৰৰ চুক্তিত দুয়োপক্ষই সহমতত উপনীত হৈছে। ব্ৰহ্মছ এৰ’স্পেছে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছে, ‘ইণ্ডোনেছিয়াৰ নৌসেনাৰ মুখ্য কৰ্মচাৰী এডমিৰেল মহম্মদ আলীৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ব্ৰাহমছ এৰ’স্পেচ ভ্ৰমণ কৰিছিল।
বৈঠকত দুয়োপক্ষই প্ৰতিৰক্ষা আৰু কৌশলগত খণ্ডত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। এই চুক্তি চূড়ান্ত হ’লে ইণ্ডোনেছিয়া ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰা দ্বিতীয়খন বিদেশী দেশ হিচাপে পৰিগণিত হ’ব। ইয়াৰ পূৰ্বে ভাৰতে ২০২২ চনৰ জানুৱাৰী মাহত ফিলিপাইনছৰ সৈতে প্ৰায় ৩৭৫ মিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছিল, যাৰ অধীনত ব্ৰহ্মছ মিছাইল বেটাৰী ফিলিপাইনছ মেৰিনক যোগান ধৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















