ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে
ক্ৰিকেটৰ ভগৱান , অথৱা গড অৱ ক্ৰিকেট খ্যাত শচীন তেণ্ডুলকাৰৰ সমান ৰেকৰ্ড হয়তো আজি পৰ্যন্ত কোনো ক্ৰিকেটাৰে লাভ কৰিবলৈ সক্ষম হোৱা নাই। পাছে এনে এক সন্মান তথা বঁটা আছে ক্ৰিকেটৰ জগতত যি, বঁটা পাবলৈ বিফল হৈছে শচীন। কিন্তু সেই বঁটাৰে সন্মানিত হৈছে দ্ৰাবিড়-কোহলী হঁতে। বুমৰাহো এইবাৰ সেই একে দলতে।
হয়, ইয়াত আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটাৰ কথাই কোৱা হৈছে। যি বঁটা পাবলৈ সক্ষম নহয় মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। কিন্তু তাৰ বিপৰীতে বিৰাট কোহলী, বিৰেন্দৰ ছেহৱাগ, ৰাহল দ্ৰাবিড়, লগতে এইবাৰ ২০২৪ৰ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে জশপ্ৰীত বুমৰাহে।
আই চি চিৰ বৰ্ষশ্ৰেষ্ঠৰ তালিকাত ভাৰতীয় খেলুৱৈয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে। আই চি চিৰ ফালৰ পৰা দিয়া বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ সকলৰ সন্মানৰ ভিতৰত সবাতোকৈ ডাঙৰ সন্মান হৈছে- বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈ, তাৰ পাছতে – একেলগে আছে- বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ, বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ, বৰ্ষশ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ।
২০২৪ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠৰ সন্মানৰ ভিতৰত টেষ্টত বুমৰাহ আৰু টি-২০ত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে অৰ্শ্বদীপে। কেৱল এদিনীয়া সন্মান আজুৰি নিয়ে আফগানিস্তানে। কেৱল সিমানেই নহয় মহিলাৰ ক্ষেত্ৰতো আই চি চিৰ এদিনীয়াৰ বৰ্ষশ্ৰেষ্ঠ হিচাপে পৰিগণিত হয় স্মৃতি মান্দানা। এতিয়া কেৱল অপেক্ষা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মানৰ বাবে।
বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মানৰ ক্ষেত্ৰতো ভাৰত আগবঢ়া। এতিয়ালৈকে ৫ গৰাকী ভাৰতীয় খেলুৱৈলে ৬ বাৰ লাভ কৰিছে বৰ্ষশ্ৰেষ্ঠ বঁটা। এই ক্ষেত্ৰত বিৰাট কোহলীয়ে একমাত্ৰ খেলুৱৈ যিয়ে দুবাৰকৈ লাভ কৰিছে বৰ্ষশ্ৰেষ্ঠ সন্মান।
এই বৰ্ষশ্ৰেষ্ঠ বঁটা লাভ কৰা ভাৰতীয় খেলুৱৈ সকল হৈছে- ৰাহুল দ্ৰাবিড় (২০০৪), শচীন তেণ্ডুলকাৰ(২০১০), ৰবিচন্দ্ৰন অশ্বিন (২০১৬), বিৰাট কোহলী (২০১৭,২০১৮)। উল্লেখ্য যে, ২০১০ চনত ক্ৰিকেটাৰ অৱ দা ইয়েৰ তথা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ দৌৰত আছিল কেৱল ভাৰতীয় খেলুৱৈয়ে। শচীনৰ লগতে আছিল এম এচ ধোনী আৰু বীৰেন্দৰ ছেহৱাগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















