গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত
জনপ্ৰিয় গায়ক গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি। হাস্পতালৰ পৰা ভাইৰেল হৈ পৰিছে ফটো। গায়কগৰাকীয়ে নিজেই খবৰটো শ্বেয়াৰ কৰি চিকিৎসালয়ৰ বিচনাৰ পৰা নিজৰ ফটো এখনো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।
যি ফটো দেখাৰ পিছতে চিন্তাত পৰিছে গায়কগৰাকীৰ অনুৰাগী সকল। আজি ২৩ ফেব্ৰুৱাৰী দেওবাৰে গায়িকাগৰাকীয়ে চিকিৎসালয়ৰ পৰা তেওঁৰ শেহতীয়া চাঞ্চল্যকৰ ফটো শ্বেয়াৰ কৰি স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰে।
ফটো খন শ্বেয়াৰ কৰাৰ লগতে কেনেকৈ এই জখম পাই এই বিষয়েও সদৰি কৰে গায়কগৰাকীয়ে। ফটো শ্বেয়াৰ কৰি লিখে যে, ‘শৌংকী চৰ্দাৰ’ নামৰ ছবিখনৰ একচন দৃশ্যৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।
শেহতীয়াকৈ গুৰু ৰান্ধৱাই তেওঁৰ পাঞ্জাবী ছবি ‘শৌংকী চৰ্দাৰ’ৰ শ্বুটিং কৰি আছিল, য’ত বাবু মান, নিমৃত কৌৰ আহলুৱালিয়া আৰু গুগু গিলেও অভিনয় কৰিছে। সেই ছবিখনৰেই একচন ছিকুৱেন্স পৰিৱেশন কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় গায়ক ৰান্ধৱা।
গুৰুৱে লিখিছে, ‘মোৰ প্ৰথম ষ্টাণ্ট, মোৰ প্ৰথম আঘাত, কিন্তু মোৰ সাহস অক্ষত আছে। শৌংকি চৰ্দাৰ চিনেমাখনৰ চেটৰ পৰা এটা স্মৃতি থাকিব। বৰ কঠিন কাম… কিন্তু মই মোৰ দৰ্শকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিম।
গুৰুৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বহু অনুৰাগীৰ লগতে শুভাকাংশী আৰু অন্য তাৰকা সকলেও গায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ