মহাশিৱৰাত্ৰীত কৰক এই উপায়, দূৰ হৈ থাকিব সকলো সমস্যা
বৈদিক পঞ্জিকাৰ হিচাপ অনুসৰি এইবাৰ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১:০৮ বজাৰ পৰা আৰম্ভ হৈছে, যিটো ২৭ ফেব্ৰুৱাৰীত পুৱা ০৮:৫৪ বজাত শেষ হ’ব। উদয়তিথিৰ আধাৰত এইবাৰ ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰীৰ ব্ৰত পালন কৰা হ’ব।
এইবাৰ মহাশিৱৰাত্ৰী অতিকে বিৰল। যাৰ বাবে শুদ্ধ মনেৰে কৰা উপায়ে আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিব সমস্যা। মহাশিৱৰাত্ৰিৰ দিনা হাতৰ তলুৱাত এটা ক’লা জালুক আৰু ৭ টা ক’লা তিল ৰাখি মনৰ ইচ্ছা কৈ শিৱলিংগত অৰ্পণ কৰিব লাগে। বিশ্বাস কৰা হয় যে এই উপায় অৱলম্বন কৰিলে এজন ব্যক্তিৰ ইচ্ছা অতি সোনকালে পূৰণ হয়।
মহাশিৱৰাত্ৰিৰ দিনা মাজনিশা ১২ বজাত ভগৱান শংকৰৰ ওচৰত ধতুৰা অৰ্পণ কৰাটো শুভ বুলি গণ্য কৰা হয়। আধা ঘণ্টা ধৰি ভগৱান শিৱৰ চৰণত ধতুৰাৰ ফুল পাহ থাকিবলৈ দিয়ক। এই সময়ত বাৰে বাৰে শ্ৰী শিৱয় নমস্তুভ্য জপ কৰিব। আধা ঘণ্টাৰ পিছত সেই ধতুৰা পাহ ৰঙা কাপোৰ এখনত বান্ধি নিজৰ ঘৰ বা দোকানৰ নিৰাপদ স্থানত ৰাখক। এই সমাধানৰ দ্বাৰা আপুনি ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব আৰু আপোনাৰ পৰিয়ালত সুখ বৃদ্ধি পাব। লগতে ধনৰ নাটনি, ঘৰুৱা সমস্যা আৰু স্বাস্থ্যৰ অৱনতি আদি সমস্যাৰ পৰাও সকাহ পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















