চেম্পিয়নছ ট্ৰফীৰ মাজতে প্ৰকাশ পালে আই চি চি ৰেংকিং, ১ নম্বৰ স্থানত এইগৰাকী ভাৰতীয়
চেম্পিয়নছ ট্ৰফীৰ মাজতে আইচিচিয়ে প্ৰকাশ কৰিছে নতুন ৰেংকিং। ধাৰাবাহিকভাৱে এদিনীয়া খেলৰ বাবে এইবাৰ ৰেংকিঙত বহু পৰিৱৰ্তন দেখা গৈছে। পাকিস্তানৰ বাবৰ আজম অৱনমিত হোৱাৰ লগতে ভাৰতৰ শুভমন গিলে ইৰ্শনীয় অগ্ৰগতি পোৱাৰ লগতে বিৰাট কোহলীৰো স্থান উন্নীত হৈছে।
আইচিচিয়ে প্ৰকাশ কৰা নতুন ৰেংকিঙত এক নম্বৰ স্থানত আছে ভাৰতৰ শুভমন গিল। শুভমনৰ ৰেটিং বৃদ্ধি পাইছে ৮১৭ লৈ। দ্বিতীয় স্থানত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম। বাবৰৰ ৰেটিং হৈছে ৭৭০। অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় স্থানৰ মাজত ৰেটিংৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে।
টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা অপৰিৱৰ্তিত তিনি নম্বৰ স্থানতে আছে, ৰোহিতৰ ৰেটিং হৈছে ৭৫৭। ৭৪৯ ৰেটিং পইণ্টেৰে চতুৰ্থত দক্ষিণ আফ্ৰিকাৰ আক্ৰমণাত্মক বেটছমেন হাইনৰিখ ক্লাচেন।
পাকিস্তানৰ বিৰুদ্ধে কৰা শতকীয় ইনিংছৰ বাবে ভাৰতৰ বিৰাট কোহলীয়ে এটা স্থান আগবাঢ়ি ৭৪৩ ৰেটিঙেৰে ৫ নম্বৰ স্থানত আছে। ইয়াৰ বাহিৰে শীৰ্ষ ১০ ৰ ভিতৰত থকা আন এগৰাকী ভাৰতীয় হৈছে- শ্ৰেয়াছ আয়াৰ, শ্ৰেয়াছে ৬৭৯ ৰেটিং পইণ্টেৰে ৯ নম্বৰ স্থানত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















