মাৰ্চৰ আৰম্ভনিতেই বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম৷ দাম বাঢ়িল বাণিজ্যিক গেছ চিলিণ্ডাৰৰ৷ গৃহস্থৰ ৰান্ধনীশালত যি চিলিণ্ডাৰ ব্যৱহাৰ হয় সেয়া ১৪.২ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ দাম বঢ়া নাই বুলি স্পষ্ট কৰি দিছে খনিজ তেল সৰবৰাহকাৰী সংস্থাসমূহে৷ খনিজ তেল সৰবৰাহকাৰী সংস্থাসমূহৰ তৰফৰ পৰা জনোৱা হৈছে যে দেশৰ প্ৰায় সকলো স্থানতেই কম বেছি বাণিজ্যিক গেছৰ দাম বাঢ়িছে৷ শনিবাৰৰ পৰা নতুন দাম কাৰ্যকৰী হ’ব দেশজুৰি৷ মূলত হোটেল, ৰেস্তোৰাত ১৯ কিঃগ্ৰাঃৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ব্যৱহাৰ কৰা হয়৷ আৰু এই চিলিণ্ডাৰৰ দাম আকৌ বাঢ়িল৷
ফেব্ৰুৱাৰী মাহত অসমত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম আছিল ১৯০৭ টকা৷ ১ মাৰ্চৰ পৰা সেই দাম এক ধাক্কাত ৬ টকা বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ মাৰ্চৰ পৰা সেই বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়ি হৈছে ১৯১৩ টকা৷ আৰু দিল্লীত ১৭৯৭ টকাৰ পৰা বাঢ়ি হৈছে ১৮০৩ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















