চুৰিৰ বাবে নহয়। ঘৰৰ ভিতৰত মনে মনে সোমাইছিল অন্য উদ্দেশ্যেৰেহে। ঘৰৰ মালিকৰ যৌনাংগ কাটি পলায় যায় এদল দুষ্কৃতীকাৰী। কিন্তু কিয়? তদন্তত নামি বৰ্ণনা শুনি আতংকিত হৈ উঠিছে আৰক্ষীও। সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ঘটনাটো উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ। আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি ২৮ ফেব্ৰুৱাৰীত ঘটনাটো ঘটিছে শাহপুৰ বামহেতা এলেকাত। ৪২ বছৰীয়া এজন ব্যক্তি তেতিয়া ঘৰত ঘূমন্ত অৱস্থাত আছিল। মাজনিশা চাৰিজন অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে খিৰিকি ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ঘৰত সোমাই চিধাই মালিক শুই থকা ৰুমত প্ৰৱেশ কৰে। তাতেই কৰে ভয়াৱহ কাণ্ড।
শুই থকা অৱস্থাতেই ঘৰৰ মালিকৰ যৌনাংগ কাটি পলাই যায় চাৰিটা দুষ্কৃতীকাৰীয়েই। যন্ত্ৰণাত ছটফটাই চিৎকাৰ কৰাতহে সাৰ পায় ঘৰৰ অন্যান্য সদস্যসকল। তেতিয়াই লৰালৰিকৈ ব্যক্তিগৰাকীক হাস্পতালত ভৰ্তী কৰোৱা হয়। বৰ্তমানো হাস্পতালতেই চিকিৎসাধীন হৈ আছে সেই ব্যক্তি। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে আঘাতপ্ৰাপ্ত ব্যক্তিৰ সন্তান। তেওঁৰ পুত্ৰই দিছে সমগ্ৰ ঘটনাৰ বৰ্ণনা। সেই এলেকাত চিচিটিভি নথকাৰ বাবে অজ্ঞাত ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। কি উদ্দেশ্যে যৌনাংগ কাটিলে সেই তথ্যও এতিয়ালৈ জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















