সুখৰ খবৰ দিছে ফোগাট পৰিয়ালে৷ ভাৰতীয় মল্লযুদ্ধা বিনেশ ফোগাট মাতৃ হ’বলৈ ওলাইছে৷ বৃহস্পতিবাৰে নিজেই এই কথা জনাইছে বিনেশে৷ মল্লযুঁজাৰু বিনেশে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছে তেওঁ৷
২০১৮ চনত মল্লযুঁজাৰু সোমবীৰ ৰাঠীৰ সৈতে বিয়া কৰাইছে বিনেশে৷ বৃহস্পতিবাৰে সামাজিকমাধ্যমত তেওঁ আৰু সোমবীৰৰ এখন ছবি শ্বেয়াৰ কৰিছে বিনেশে৷ তাতেই তেওঁ লিখিছে, ‘এক নতুন অধ্যায়ৰ সৈতে আমাৰ প্ৰেমকাহিনী আগুৱাই যাব৷’ ছবিৰ সৈতে এখন সৰু ভৰিৰ ইমোজিও দিছে তেওঁ৷ এই পোষ্ট দেখি সকলোৱে বুজিব পাৰিছে যে মাতৃ হোৱাৰ পথত বিনেশ৷
এই খবৰ লাভ কৰিয়েই সামাজিকমাধ্যমত বহুজনে তেওঁক শুভেচ্ছা জনাইছে৷ মল্লযুঁজাৰু সাক্ষী মালিক, বজৰং পুনিয়াকে ধৰি বহুজনে শুভেচ্ছা জনাইছে বিনেশক৷ ভাৰতীয় মল্লযুজাৰু সংস্থাৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ শৰণ সিঙৰ অপসাৰণৰ দাবীত দিল্লীৰ যন্তৰমন্তৰত মল্লযুঁজাৰুসকলৰ ধৰ্ণাৰ তেওঁ প্ৰধান মুখ আছিল৷ ফোগাট পৰিয়ালৰ এই কন্যা মল্লযুজাৰুৰ সেই আন্দোলনৰ পৰাই সকলোৰে চিনাকি মুখ হৈ পৰিছিল৷ তাৰপাছতেই পেৰিছ অলিম্পিক্সৰ যোগ্যতা অৰ্জনো কৰিছিল তেওঁ৷ তাতেই মহিলাৰ ৫০ কিঃগ্ৰা বিভাগৰ ফাইনেলত উঠে তেওঁ৷ ভাৰতৰ প্ৰথম মহিলা মল্লযুঁজাৰু হিচাপে এই কীৰ্তি অৰ্জন কৰিছে তেওঁ৷ কিন্তু ফাইনেলৰ দিনা পুৱা ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবে তেওঁ খেলত নামিব নোৱাৰিলে৷ এই সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন কৰিও কোনো ফল নাপালে বিনেশে৷
এই ঘটনাৰ বাবে ভাৰতীয় অলিম্পিক্স সংস্থা আৰু ব্ৰিজভূষণৰ দিশত আঙুলি তুলিছিল বিনেশে৷ সেই সময়ত তেওঁক সমৰ্থন জনাইছিল সাক্ষী আৰু বজৰঙে৷ অলিম্পিক্সৰ সেই বিতৰ্কৰ পাছত মল্ল়যুঁজৰ পৰা হঠাৎ অৱসৰ লয় বিনেশে৷ তাৰপিছতেই দেশলৈ উভতি আহি হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হয় তেওঁ৷ হাৰিয়ালা জুৰি কংগ্ৰেছ হাৰিলেও জুলানা কেন্দ্ৰৰ পৰা জিকি বিধায়ক হয় বিনেশ৷ এইবাৰ জীৱনৰ আৰু এক নতুন অধ্যায় আৰম্ভ কৰাৰ পথত আগুৱাইছে বিনেশ ফোগাট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















