ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক ৰূপায়ণ ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু আখ্যা
অৱশেষত ২ এপ্ৰিল (আমেৰিকাৰ সময় অনুসৰি) তাৰিখে বিশ্বৰ সকলো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে চীনৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰে।
হোৱাইট হাউছত দিয়া ভাষণৰ সময়ত ড’নাল্ড ট্ৰাম্পে পাৰস্পৰিক শুল্কৰ পৰিকল্পনা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ লগতে এছিয়াৰ বজাৰসমূহো তীব্ৰভাৱে হ্ৰাস পায়। যাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
খবৰ অনুসৰি মেক্সিকোৰ পিছত আমেৰিকাৰ দ্বিতীয় বৃহত্তম আমদানিকাৰক দেশ চীনে এতিয়া অধিক শুল্কৰ সন্মুখীন হ’ব লাগিব। গ্ল’বেল টাইমছৰ তথ্য অনুসৰি চীনৰ পৰা আমদানিৰ ওপৰত আমেৰিকাই অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত চীনে বাৰে বাৰে তীব্ৰ মতানৈক্য আৰু দৃঢ় বিৰোধিতা প্ৰকাশ কৰি আহিছে।
চীনৰ বাণিজ্য মন্ত্ৰালয়ে কয় যে দেশখনে নিজৰ অধিকাৰ আৰু স্বাৰ্থ দৃঢ়ভাৱে সুৰক্ষিত কৰাৰ বাবে প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইউৰোপীয় সংঘ, জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতে বেইজিঙে ইতিমধ্যে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে।
আনহাতে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পে মেক আমেৰিকা ৱেলথী এগেইন অনুষ্ঠানত কয় যে ভাৰত অতি অতি কঠোৰ। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সদ্যহতে আমেৰিকা ভ্ৰমণ কৰি গৈছে আৰু তেঁও মোৰ অতি ভাল বন্ধু।
কিন্তু ভাৰতে আমাৰ লগত সঠিক ব্যৱহাৰ কৰা নাই। ভাৰতে আমাৰ পৰা ৫২ শতাংশ শুল্ক লয় আৰু আমি তেওঁলোকৰ পৰা প্ৰায় একোৱেই লোৱা নাই। সেয়ে এতিয়া ২৬ শতাংস শুল্ক। উল্লেখ্য , অহা ৫ এপ্ৰিল শনিবাৰৰ পৰা আৰম্ভ হব এই নতুন শুল্ক নিৰিখ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















