প্ৰতি আঢ়ৈ দিনত চন্দ্ৰই গোচৰ কৰে৷ তাৰফলত এক ৰাশিত বেছিদিন নাথাকে চন্দ্ৰদেৱ৷ আসন্ন সময়ত অৰ্থাৎ ১২ এপ্ৰিলত আছে পূৰ্ণিমা তিথি৷ আৰু তাৰ পূৰ্বেই ১০ এপ্ৰিলত কন্যা ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ ইফালে ১২ এপ্ৰিলত পূৰ্ণিমান দিনাই আছে হনুমান জয়ন্তী৷ তাৰ পূৰ্বে চন্দ্ৰদেৱৰ গোচৰত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে চন্দ্ৰৰ এই গোচৰ খুব ভাল হব৷ কৰ্মৰত ব্যক্তিয়ে নতুন কামৰ বাবে একাধিক প্ৰস্তাৱ পাব পাৰে৷ ইয়াৰ সৈতে ব্যৱসায়ীসকলো আৰ্থিকভাৱে লাভৱান হব৷ স্বাস্থ্য ভালে থাকিব৷
কৰ্কট ৰাশি
জীৱনত এই সময়ত ইতিবাচক প্ৰভাৱ থাকিব সকলো দিশত৷ জীৱনত নানা ধৰণৰ ইতিবাচক সলনি আহিব৷ ব্যৱসায়ীয়ে ঋণৰ বোজাৰ পৰা মুক্তি পাব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ মানসিক শান্তি আহিব পাৰে৷ পৰীক্ষাৰ্থীয়ে কোনো পৰীক্ষাত সফল হব৷
কন্যা ৰাশি
চ’ত পূৰ্ণিমাৰ পূৰ্বে চন্দ্ৰই কন্যা ৰাশিলৈ গমন কৰিব৷ এই গোচৰে কন্যা ৰাশিৰ জাতকক বহু সুবিধা প্ৰদান কৰিব৷ আপুনি ব্যৱসায়ত যুক্ত হলে ভাল লাভ কৰিব৷ কেৰিয়াৰত নতুন দিশা পাব৷ সম্পৰ্কৰ মাজত তিক্ততা থাকিলেও সেয়া আঁতৰি যাব৷ পৰিবেশ হব স্বাস্তিদায়ক আৰু আনন্দময়৷
হনুমান জয়ন্তী
এই বছৰ হনুমান জয়ন্তী উৎসৱ ১২ এপ্ৰিলত পালিত হব৷ একেদিনাই পূৰ্ণিমাও পৰিছে৷ ইফালে হনুমান জয়ন্তীৰ তিথিও পূৰ্ণিমা অনুসৰিয়েই পৰিছে৷ ১২ এপ্ৰিলত পুৱা ৩ বাজি ২০ মিনিটৰ পৰা আৰম্ভ হৈ পৰবৰ্তি দিনলৈকে অৰ্থাৎ ১৩ এপ্ৰিলৰ পুৱা ৫ বাজি ৫২ মিনিট পৰ্যন্ত থাকিব৷ অৱশ্যে ১২ তাৰিখেই পালিত হ’ব হনুমান জয়ন্তী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















