নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত শোচনীয় পৰাজয়ৰ পাছতে জৰিমণা ভৰিলে পাকিস্তানে
শেহতীয়াকৈ পাকিস্তান- নিউজিলেণ্ডৰ মাজত টি ২০ৰ অন্ত পৰিল। নিউজিলেণ্ডৰ এই ভ্ৰমণত পাকিস্তানে টি-২০ আৰু এদিনীয়া দুয়ো শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।
৫খন খেলৰ টি-২০ শৃংখলাত পাকিস্তানক ৪-১ত পৰাস্ত কৰে নিউজিলেণ্ডে। ইয়াৰ পিছত ৩ মেচৰ এদিনীয়া শৃংখলাত পাকিস্তানে ৩-০ ত ক্লিন ছুইপৰ সন্মুখীন হ’বলগীয়া হৈছিল।
এদিনীয়া শৃংখলাত পৰাজয়ৰ পিছত পাকিস্তানী খেলুৱৈ খুছদিল শ্বাহ অনুৰাগীৰ সৈতে কাজিয়াত লিপ্ত হয়, যাৰ ফলত যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়। পৰিস্থিতি এনে হৈ পৰে যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই সন্দৰ্ভত স্পষ্টীকৰণ দিব লগা হ’ল।
এতিয়া এই বিতৰ্কৰ পিছত পাকিস্তানৰ দলটোৱে আন এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। তৃতীয়খন এদিনীয়াত অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে সমগ্ৰ দলটোক জৰিমনা বিহা হৈছে।
খেলখনত পাকিস্তানৰ বলাৰসকলে নিৰ্ধাৰিত সময়তকৈ লেহেমীয়া গতিত বলিং কৰিছিল। লেহেমীয়া অভাৰ ৰেটৰ বাবে পাকিস্তান দলটোক মেচ মাচুলৰ ৫ শতাংশ জৰিমনা বিহিছে আইচিচিয়ে। এই সিদ্ধান্ত গ্ৰহণ কৰে আইচিচি এলিট পেনেলৰ মেচ ৰেফাৰী জেফ ক্ৰ’ৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















