১ মে ২০২৫ তাৰিখৰ পৰা নেশ্ব্যনেল হাইৱেৰ ওপৰত টোল আদায়ৰ প্ৰক্ৰিয়াৰ এক যুগান্তকাৰী আপগ্ৰেড আৰম্ভ কৰিছে ভাৰত চৰকাৰে৷ নেশ্ব্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়াই ফাষ্টটেগ চিষ্টেম পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ আগবাঢ়িছে৷ ফাষ্টটেগৰ ঠাইত এতিয়াৰে পৰা জিপিএছ ভিত্তিক টোল কালেকশ্ব্যন কৰা হ’ব৷ পছৰ যাতায়াত মসৃণ আৰু দ্ৰুত কৰিবলৈ এই প্ৰস্তাৱ লৈছে কেন্দ্ৰই৷
কিন্তু কিয় এই সালসলনি? এই সন্দৰ্ভত মন্তব্য কৰি কয় যে FASTag একেবাৰে নিখুঁত নাছিল৷ দিঘলীয়া লাইন, প্ৰযুক্তিগত খেলিমেলিৰ বাবে সমস্যাও হৈছিল৷ কিন্তু এই সমস্ত সমস্যা দূৰ কৰিবলৈ টোলিঙৰ ক্ষেত্ৰত বিশ্বমান আনিবলৈ চৰকাৰে এটা ছেটেলাইট সমৰ্থিক টোল চিষ্টেম অনাৰ কথা ভাৱিছে৷ এই নতুন নিয়মৰ জৰিয়তে-
১. চালকে প্ৰকৃততে কিমান দূৰ বাহন চলাই গৈছে তাৰ ওপৰত ভিত্তি কৰি টোল চাৰ্জ কটা হ’ব৷
২. বুথে বুথে ঠিয় হোৱাৰ প্ৰয়োজনীয়তা শেষ হ’ব৷ যাৰ ফলত ৱেইটিঙৰ সময় কমিব৷
৩. মেনুৱেল বা মানুহৰ প্ৰতাৰণাৰ আশংকা কমিব৷
৪. মসৃণ আৰু কণ্টেক্টলেছ ড্ৰাইভিং অভিজ্ঞতা এনবেল কৰা হব৷
নতুন জিপিএছ চিষ্টেমটো কি?
নতুন এই মডেলটোত জিপিএছ প্ৰযুক্তি ব্যৱহাৰ কৰা হব৷ প্ৰকৃততে হাইৱেৰ ওপৰত গাড়ীৰ গতিবিধি ট্ৰেক কৰাৰ বাবে এই প্ৰযুক্তি ব্যৱহাৰ হব৷ ইয়াৰ সৈতে নতুন মডেলৰ ANPR (Automatic Number Plate Recognition)কেমেৰা আৰু ভেহিকেল ফিটেড জিপিএছ ডিভাইছ ব্যৱহাৰ কৰা হব৷ যিয়ে ৰিয়েল টাইমত টোল চাৰ্জ গণনা কৰিব পাৰিব৷ ইয়াৰ ফলত
- কেতিয়াও ফ্লেট ৰেট দিব নালাগে গাড়ীৰ চালকে৷ কিমান কিঃমিঃ ভ্ৰমণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি কটা হব চাৰ্জ৷
- টোল প্লাজাৰ কাষত ঠিয় হোৱা বা গাড়ীৰ গতিবেগ কমোৱা আদি সমস্যা শেষ হ’ব৷
- গাড়ীৰ চালকৰ লিংক কৰা বেংক একাউণ্টৰ পৰাই টোল এমাউণ্ট কটা হব৷
- ডিজিটেল পদ্ধতিত নিজৰ ট্ৰেভেল আৰু পেমেণ্ট ট্ৰেক কৰিব পাৰিব গাড়ীৰ মালিকে৷
ইতিমধ্যেই যিসকলে FASTag ব্যৱহাৰ কৰি আছে তেওঁলোক বিচলিত হোৱাৰ প্ৰয়োজন নাই৷ কাৰণ এদিনতে এই পৰিবৰ্তন নহয়৷ আগন্তুক ৩০ এপ্ৰিল ২০২৫ তাৰিখ পৰ্যন্ত FASTag ব্যৱহাৰেই চলি থাকিব৷ ইয়াৰ পাছত আপুনি নিজৰ বাহনত চৰকাৰ অনুমোদিত জিপিএছ ডিভাইছ ইনষ্টল কৰিব লাগিব৷ নতুন চিষ্টেমৰ সৈতে বেংক একাউণ্ট লিংক হব৷ এই সমস্ত কিছু সম্পন্ন হৈ যোৱাৰ পাছত নিজৰ FASTag ষ্টিকাৰ ৰিমুভ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ