• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

9 months ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

10 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

11 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

11 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

12 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

12 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

13 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

14 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

15 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

16 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

17 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

17 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

editor by editor
April 18, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ সফল সামৰণি৷ এই ভ্ৰমণৰ অন্ততঃ মুখ্যমন্ত্ৰীয়ে লিখিছে-
কাৰ্বি আংলং অঞ্চল আৰু ইয়াৰ দুখন জিলা- কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙে অসমৰ উন্নয়নৰ যাত্ৰাত যথেষ্ট গুৰুত্ব বহন কৰি আহিছে। অতীতৰ কংগ্রেছ চৰকাৰৰ দ্বাৰা বহু বছৰৰ অৱহেলাৰ পাছত আমাৰ চৰকাৰে অঞ্চলটোত উন্নয়নমূলক কাৰ্যসূচী দ্ৰুতগতিত আগবঢ়াই নিছে যাতে ই অসমৰ আন অংশৰ সৈতে উন্নয়নৰ সমতা স্থাপন কৰিব পাৰে। ২০২১ চনত আমি ৬টা সশস্ত্ৰ সংগঠনৰ সৈতে ঐতিহাসিক নিষ্পত্তি চুক্তি স্বাক্ষৰ কৰিছিলোঁ— যাৰ জৰিয়তে কেডাৰসকলে হিংসাৰ বাট এৰি মূলসুঁতিত যোগদান কৰি অসমৰ বিকাশ আৰু প্রগতিৰ যাত্ৰাৰ অংশীদাৰ হৈ পৰিছে।
আমাৰ ৰাজ্যৰ এই সুন্দৰ প্রান্তলৈ ২ দিনীয়া ভ্ৰমণ কৰি ১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰচেষ্টা উৎসৰ্গা কৰি আপ্লুত হৈছোঁ আৰু আমি আগবঢ়োৱা বিভিন্ন আঁচনি-নীতি ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতিৰ বুজ লওঁ।
আজি জ্যেষ্ঠ বিষয়া আৰু কাৰ্বি নেতৃত্বৰ সৈতে অঞ্চলটোত চলিত বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচীৰ পৰ্যালোচনা আৰু অঞ্চলটোৰ বাবে আমাৰ ভৱিষ্যতৰ দৃষ্টিভংগী ৰূপায়ণৰ বাবে এক ৰূপৰেখা নিৰ্ধাৰণ কৰিবলৈ এক বৈঠকত মিলিত হৈছিলোঁ।
বিস্তৃত বিষয়ৰাজিৰে আজিৰ আলোচনাৰ অন্যতম আছিল-
• এক বন্যপ্ৰাণী সংমণ্ডলৰ পুনৰ্গঠন আৰু সৃষ্টি
• দুয়ো জিলাত খনিজ অন্বেষণৰ সম্ভাৱনা
• ভূমি সংস্কাৰ- দীৰ্ঘদিন ধৰি স্থগিত থকা ভূমি বিবাদ সমাধান কৰি ভূমি হস্তান্তৰ প্ৰক্ৰিয়াসমুহ সৰল কৰাৰ ওপৰত এক বিশেষ গুৰুত্ব প্রদান
• ২০১১ আৰু ২০২১ বৰ্ষৰ নিষ্পত্তি চুক্তি ৰূপায়ণ আৰু প্ৰাক্তন কেডাৰসকলৰ কল্যাণ নিশ্চিত কৰা
• অমীমাংসিত আইনী বিধেয়কসমূহ
• লোক নির্মাণ, স্বাস্থ্য, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা, জনস্বাস্থ্য কাৰিকৰী আদিৰ দৰে বিভিন্ন বিভাগৰ দ্বাৰা আন্তঃগাঁথনি বিকাশ।
বিষয়াসকলৰ সৈতে বৈঠকৰ অন্তত নাগৰিকসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ সমস্যাবোৰ বুজ লৈছিলোঁ। তেওঁলোকে কাৰ্বি ভাষাৰ বিকাশ, শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণ, আন্তঃগাঁথনি বিকাশৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দর্ভত দৃষ্টিগোচৰ কৰে। তেওঁলোকক আশ্বাস প্রদান কৰোঁ যে তেওঁলোকৰ সমস্যা বা দাবীসমূহ কাৰ্বি আংলঙৰ বাবে চৰকাৰৰ বিদ্যমান দৃষ্টিভংগীৰ সৈতে সংগতিপূর্ণ আৰু এইসমূহ নিষ্পত্তি বা সমাধান কৰাৰ বাবে আমি সৰ্বোচ্চ অগ্ৰাধিকাৰেৰে পদক্ষেপ গ্রহণ কৰি আছোঁ।
পৰ্যালোচনা বৈঠক আৰু জনসাধাৰণৰ সৈতে কথোপকথনৰ পাছত দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পদক্ষেপৰ সৈতে সম্পৰ্কিত অসম চৰকাৰৰ প্ৰচেষ্টাই অঞ্চলটোত বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব, মানুহৰ আশা-আকাংক্ষা পূৰণ কৰিব, আনহাতে তেওঁলোকৰ সুন্দৰ সংস্কৃতি আৰু প্ৰকৃতিক সুৰক্ষা প্রদান কৰিব।
মই পুনৰ কার্বি আংলংবাসী আৰু তেওঁলোকৰ উষ্ম সান্নিধ্যৰে জীপাল হ’বলৈ সোনকালে ইয়ালৈ আকৌ আহিবলৈ বাট চাই ৰৈছোঁ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ
জীৱনশৈলী

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

January 14, 2026
Next Post
পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.