২০ এপ্ৰিল ২০২৫ দেওবাৰে চন্দ্ৰই বৃশ্চিক এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সিদ্ধ যোগ সাধ্য যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব পূৰ্বষাঢ়া নক্ষত্ৰ উত্তৰ আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি জীৱনৰ নানান ক্ষেত্ৰত বিশেষ উন্নতি কৰিব পাৰিব৷ দাম্পত্য জীৱনো সুখ আৰু আনন্দৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে ভৱিষ্যতক লৈ পৰিকল্পনা কৰিব পাৰে৷ চৰকাৰী চাকৰি লাভৰ চেষ্টা কৰিছে যদি কাইলৈ সুখবৰ পাব পাৰে৷
কৰ্কট ৰাশি
কাইলৈ কোনো শুভ খবৰ পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত আপুনি নানান দিশৰ পৰা সাফল্য লাভ কৰিব৷ আপোনাৰ বিৰোধীয়ে কাইলৈ আপোনাৰ সন্মুখত পৰাস্ত হব৷ কাইলৈ যি কামতেই হাত দিব সেই কামতেই সাফল্য লাভ কৰিব৷ কাইলৈ কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াশুনাত সাফল্য লাভ কৰিব পাৰিব৷ কোনো বন্ধুৰ পৰা চাকৰিৰ প্ৰস্তৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















