দেৱগুৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তন জ্যোতিষশাস্ত্ৰত এক গুৰুত্বপূৰ্ণ ঘটনা৷ বৃহস্পতিক ধন, পূজা, জ্ঞান, ধৰ্ম আৰু বিবাহৰ কাৰক বুলি কোৱা হয়৷ বৃহস্পতিৰ গোচৰৰ শুভ প্ৰভাৱত কঁপাল ফুলিব কেইটামান ৰাশিৰ জাতক জাতিকাৰ৷ আগন্তুক মে মাহত ৰাশি পৰিবৰ্তন কৰিব একাধিক গ্ৰহই৷ মে মাহৰ মাজৰ সময়ত অৰ্থাৎ ১৪ মেৰ নিশা ১১.২০ মিনিটত ৰাশি পৰিবৰ্তন কৰিব দেৱগুৰু বৃহস্পতিয়ে৷
জ্যোতিষশাস্ত্ৰ অনুসৰি বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব দেৱগুৰুৱে৷ বৃহস্পতিৰ এই গোচৰত শুভ আৰু ইতিবাচক প্ৰভাৱ পৰিব ৬টা ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে লাভজনক হ’ব বৃহস্পতিৰ গোচৰ৷ এই ৰাশিৰ জাতক জাতিকাৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ এই সময়ত কামত সাফল্য আৰু ভাল ফলাফল লাভ কৰিব৷ কামৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ পূজা পাঠত মন বেছিকৈ দিব৷ আৰ্থিক অৱস্থাত অপ্ৰত্যাশিত উন্নতি কৰিব পাৰিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক হ’ব দেৱগুৰুৰ গোচৰ৷ ধন, দৌলত আৰু সুখ সুবিধাৰ বৃদ্ধিসহ আয় বৃদ্ধি হব পাৰে৷ পৰিয়ালত প্ৰেম বাঢ়িব পাৰে৷ জীৱনলৈ সুখৰ আগমন হ’ব পাৰে৷ গুৰু মিথুন ৰাশিত গোচৰ কৰিলে জাতকৰ স্বাস্থ্য ভালে থাকিব৷ জীৱনৰ সমস্যাসমূহৰ সমাপ্তি হব পাৰে৷
মিথুন ৰাশি
বৃহস্পতিৰ গোচৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল হ’ব৷ পাৰিবাৰিক জীৱনত সদস্যৰ সৈতে সম্পৰ্কত নিকটতা বাঢ়িব৷ জীৱনলৈ ডাঙৰ আৰু ইতিবাচক পৰিবৰ্তন আহিব৷ ব্যক্তিত্বত উন্নতি আৰু আত্মবিশ্বাস বৃদ্ধি হোৱা দেখা যাব৷ বিবাহক লৈ অহা বাধা দূৰ হব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হ’ব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব মে মাহৰ বৃহস্পতিৰ গোচৰ৷ এই ৰাশিৰ জাতক জাতিকাৰ ভাগ্য খুলিব৷ ৰৈ থকা কাম আকৌ আৰম্ভ কৰিব পাৰিব৷ কামৰ বাবে বিদেশ ভ্ৰমণ কৰিব পাৰে৷ উচ্চ শিক্ষা আৰু প্ৰমোছনৰ বাবে প্ৰচেষ্টা চলালে সফল হ’ব৷ সময় খুব ভালে যাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাই বৃহস্পতিৰ গোচৰত লাভ পাব৷ সন্তান সম্পৰ্কে থকা চিন্তা দূৰ হব৷ কেৰিয়াৰ সম্পৰ্কিত সমস্যাৰ সমাধান হ’ব৷ এই ৰাশিৰ জাতক জাতিকাৰ উন্নতি হ’ব৷ প্ৰেম জীৱন সুখময় হ’ব৷ বিবাহ স্থিৰ হ’ব পাৰে৷ স্থাৱৰ সম্পত্তি কিনিব পাৰে৷ মাতৃৰ স্বাস্থ্য ভালে যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ