বৰ্তমান সোণৰ দাম আকাশলংঘী৷ বহুতেই ধাৰণা কৰিছে যে সোণ বিক্ৰি কৰাৰ এয়াই সঠিক সময়৷ আৰু সময়োপযোগীকৈ তৈয়াৰো হৈছে এইবাৰ গ’ল্ড এটিএম৷ ছাংহাইৰ এখন ব্যস্ত মলত চীনৰ প্ৰথম গ’ল্ড এটিএম ইনষ্টল কৰা হৈছে৷ যাক লৈ বিশ্ব জুৰি চলিছে চৰ্চা৷ কেনেকৈ কাম কৰিব এই মেছিনে?
প্ৰকৃততে ১২০০ ডিগ্ৰী চেলছিয়াছত এই মেছিনে সোণ গলাই দিয়ে৷ ইয়াৰ সৈতে সোণৰ বিশুদ্ধতাও পৰীক্ষা কৰে৷ ছাংহাই গ’ল্ড এক্সচেঞ্জৰ লাইভ ৰেটৰ ওপৰত ভিত্তি কৰি পেমেণ্ট কৰা হয়৷ যাৰ মাজত অৱশ্যে এটা পৰিসেৱা চাৰ্জ বা চাৰ্ভিছ চাৰ্জো অন্তৰ্ভূক্ত থাকে৷ এই সুবিধাই প্ৰকৃততে গ্ৰাহকৰ ট্ৰেডিছনেল জুৱেলাৰী ষ্টোৰৰ পৰিবৰ্তে দ্ৰুত আৰু স্বচ্ছ বিকল্প প্ৰদান কৰে৷
চীনৰ কিংহুড গ্ৰুপে তৈয়াৰ কৰা স্মাৰ্ট গ’ল্ড এটিএমটো এনেধৰণে ডিজাইন কৰা হৈছে যিয়ে সোণৰ সামগ্ৰী গলাই, ওজন কৰি, তাৰ বিশুদ্ধতা নিৰ্ধাৰণ কৰিব৷ ইয়াৰপাছতেই সোণৰ বজাৰমূল্য অনুসৰি সমপৰিমাণে টকা বিক্ৰেতাৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব৷ এই মেছিনত তিনি গ্ৰাম বা তাতোকৈ বেছি ওজনৰ আৰু অন্তত ৫০শতাংশ বিশুদ্ধতাৰ সোণৰ সামগ্ৰীহে গ্ৰহণ কৰে৷ বিখ্যাত আৰু জনপ্ৰিয় ব্যৱসায়ী তানছু ইয়েগেনে সমগ্ৰ বিষয়টোক লৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷
ৰিপৰ্ট অনুসৰি এই মেছিনটো আৰম্ভ হোৱাৰ পাছৰে পৰাই ব্যাপক ভিৰ হৈছে এই মেছিনৰ কাষত৷ এলেকাৰ বহু বাসিন্দাই তেওঁলোকৰ পাৰিবাৰিক আৰু বংশপৰম্পৰাত পোৱা সোণ বিক্ৰি কৰিবলৈ লাইনত থিয় হৈ আছে৷ Chinatimes.com-ৰ তথ্যমতে মেছিনটো ব্যৱহাৰৰ বাবে মে মাহ মৰ্যন্ত সমস্ত এপয়েণ্টমেণ্ট শ্লটো বুক হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ