মাত্ৰ ৭ দিনীয়া সংসাৰ৷ ক’ত সপোন, ক’ত আশা বুকুত জীঁপাল হৈ উঠিছিল৷ ৰঙীন জীৱনৰ সপোন আৰু এতিয়া নাই৷ ৭দিন পূৰ্বে ২৬ বছৰীয়া বিনয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ২৪ বছৰীয়া হিমাংশী নৰৱেল৷ মঙলবাৰে সেই বিনয়কেই হিমাংশীৰ বুকুৰ পৰা কাঢ়ি নিলে সন্ত্ৰাসবাদীয়ে৷ ইতিমধ্যেই বিনয়ৰ নশ্বৰদেহ নিজা বাসগৃহলৈ অনা হৈছে৷ নৌসেনাৰ তৰফৰ পৰাও সামৰিক বিদায় দিয়া হৈছে বিনয়ক৷ বিনয়ৰ শেষ যাত্ৰাৰ পূৰ্বে পত্নীয়ে কোৱা কেইটামান কথাই এতিয়া সেমেকাই তুলিছে বহুজনৰ চকু৷
হিমাংশীয়ে চকুলো টুকি স্বামী বিনয়ৰ নশ্বৰ দেহলৈ চাই কৈছে, ‘একেলগে থকাৰ কথা কৈ কিয় গুচি গ’লা? মাত্ৰ ৭দিনতেই তুমি মোক এৰি যাবা ভৱা নাছিলো৷ মই এতিয়া কেনেকৈ থাকিম৷ তুমি বেষ্ট স্বামী হম বুলি মোক প্ৰতিশ্ৰুতি দিছিলা৷ মই প্ৰতিসময়তে তোমাক মিছ কৰিম৷ গুচি গ’লা যোৱা কিন্তু মোক প্ৰতিশ্ৰুতি দিয়াৰ ধৰণেই সদায় বীৰৰ দৰে থাকিবা জয় হিন্দ৷’
উল্লেখ কৰা প্ৰয়োজন যে, বিগত ১৬ এপ্ৰিলত গুৰুগ্ৰামত বিনয়-হিমাংশীৰ বিবাহ সম্পন্ন হৈছিল৷ ১৯ এপ্ৰিলত প্ৰীতিভোজৰ আয়োজন কৰাৰ পাছতেই ২১ এপ্ৰিলত দুয়ো জম্মু-কাশ্মীৰলৈ গৈছিল৷ পৰিয়ালে দিয়া তথ্য অনুসৰি মধুচন্দ্ৰিমাৰ পৰা উভতি আহিয়েই আকৌ এটা পৰিকল্পনা আছিল বিনয়ৰ৷ আগন্তুক ২৭ মেত বিনয়ৰ জন্মদিন৷ পুত্ৰৰ জন্মদিনো এইবাৰ ভালকৈ পালন কৰাৰ কথা ভাৱিছিল পিতৃ-মাতৃয়ে৷ কিন্তু আশাবোৰ আশা হৈয়েই ৰ’ল৷ জীৱন্তে ঘৰলৈ ঘূৰি অহা নহ’ল বিনয়ৰ৷ তেওঁৰ দেহ আনিবলৈ আজি ৰাওনা হৈছে পৰিয়ালৰ সদস্য৷ সদ্য বিবাহিত হিমাংশীৰ সন্মুখত যেন এক অন্ধকাৰ ভৱিষ্যৎ৷ সপোন দেখিবলৈ আৰম্ভ কৰোতেই সপোন ভাঙি যোৱাৰ যন্ত্ৰণা কি সেয়া তিলতিলকৈ অনুভৱ কৰিছে হিমাংশীয়ে৷ হিমাংশীয়ে হেৰুৱাই পেলাইছে মুখৰ মাতো৷ কি ক’ব, কেনেকৈ ক’ব৷ চকুৰ সন্মুখতে তেজেৰে লুটুৰি পুতুৰি হৈ হেৰাই গ’ল তেওঁৰ স্বামী৷ হেৰাই গ’ল এটা সুন্দৰ ভৱিষ্যতৰ সপোন৷ সন্ত্ৰাসবাদৰ ওচৰত হাৰ মানিলে এক প্ৰতিভাৱান নৌসেনা বিষয়াই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















