বৈদিক জ্যোতিষমতে, নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গ্ৰহৰ অৱস্থান পৰিবৰ্তন হয়৷ আকৌ একাধিক গ্ৰহৰ সংযোগত তৈয়াৰ হৈছে গুৰুত্বপূৰ্ণ যোগ৷ যাৰ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জাতক জাতিকাৰ জীৱনত৷ শীঘ্ৰেই বুধ আৰু দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰি এব বিশেষ ত্ৰি একাদশ যোগ৷ আগন্তুক ৫ মে ৬০ ডিগ্ৰীৰ কৌণিক স্থিতিত এই যোগ তৈয়াৰ হ’ব৷ এই সংযোগত সকলোতকৈ বেছি উপকৃত হ’ব ৩ৰাশি৷ ইয়াৰ ফলত কাৰ কাৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলিব?
বৃষ ৰাশি
বিগত কেইবামাহ অৰ্থনৈতিক টনা আঁজোৰা থাকিলে এইবাৰ সেই সমস্যা শেষ হ’ব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে লাভজনক সময় আহিব৷ চাকৰিত প্ৰমোছন, দৰমহাবৃদ্ধি হ’ব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত অংশ ল’লে ভাল ফল পাব৷ পৰিয়ালত শান্তি থাকিব৷ নিজৰ ভাৱমূৰ্তি সকলোৱে ওচৰত পূৰ্বৰ তুলনাত উল্লেখযোগ্যভাৱে সলনি হ’ব৷
কৰ্কট ৰাশি
চাকৰিয়ালৰ উন্নতিৰ যোগ আছে৷ সকলো দিশৰ পৰা বন্ধুৰ সহযোগিতা পাব৷ নতুন কোনো সম্পৰ্ক আৰম্ভ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে৷ নতুন বাহন কিনিব পাৰে৷ ব্যৱসায়ত ডাঙৰ চুক্তি বা লগ্নিত বিপুল লাভৱান হব৷
মকৰ ৰাশি
অংশীদাৰিত্বৰ ব্যৱসায়ত লাভৱান হব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব৷ বহু কঠিন কামো সহজে সমাধা কৰিব পাৰিব৷ কৰ্মজীৱনত নতুন দায়িত্ব পাব৷ আইন আদালতৰ গোচৰত জড়িত থাকিলে নিষ্কৃতি পাব পাৰে৷ দাম্পত্য জীৱনত সুখ থাকিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















