• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদানিৰ বিৰুদ্ধে জাগিছে অষ্ট্ৰেলিয়ান

আদানিৰ বিৰুদ্ধে জাগিছে অষ্ট্ৰেলিয়ান

6 years ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

11 minutes ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

2 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

2 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

3 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

3 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

4 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

4 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

5 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

8 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আদানিৰ বিৰুদ্ধে জাগিছে অষ্ট্ৰেলিয়ান

'জলবায়ু অপৰাধীক ঋণ নিদিব'

editor by editor
November 27, 2020
in বিশ্ব, ভাৰত
0
আদানিৰ বিৰুদ্ধে জাগিছে অষ্ট্ৰেলিয়ান
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছিডনীত চলি আছে ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেট মেচ ছিৰিজ। শুক্ৰবাৰে আৰম্ভ হোৱা ছিৰিজৰ প্ৰথমখন খেল চলি থকাৰ মাজতেই অথন্তৰ। হঠাতে পিটচৰ মাজলৈ দৌৰি সোমাই আহিল দুজন দৰ্শক। লগে লগে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে দৰ্শক দুজনক। তাৰে এগৰাকী দৰ্শক প্ৰায়ে ক্ৰিজৰ কাষ পালেগৈ। ভাৰতীয় বলাৰ নৱদীপ ছৈনিয়ে অ’ভাৰ আৰম্ভ কৰাৰ সময়তেই ঘটিল এই ঘটনা। দৰ্শক দুজনৰ উদ্দেশ্য আছিল আদানি গ্ৰুপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা। খেল চলি থকাৰ মাজতেই ক্ৰিকেট পিটচ পালেগৈ আদানিৰ বিৰুদ্ধে প্ৰতিবাদকাৰী। মুখত ‘Stop Adani’ , ‘Stop Coal’ ধ্বনি, পিন্ধনত ‘Stop Adani’ লিখা টি-ছাৰ্ট আৰু হাতত প্লেকাৰ্ড লৈ  ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত খেল চলি থকাৰ সময়তে এনেদৰে দুজন দৰ্শকে প্ৰতিবাদ সাব্যস্ত কৰে। সেই সময়ত বেটিঙত আছিল অষ্ট্ৰেলিয়ান দল। ছিডনী ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখনৰ সপ্তমটো অ’ভাৰ আৰম্ভ হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

Pitch Invaders ?? Really ? Wowo ! Hahaha#AUSvsIND #INDvAUS #Sydney #ODI pic.twitter.com/yrFzPhSAvx

— “Raj”ini Siva (@rajsviewfinder1) November 27, 2020

কেৱল ফিল্ডৰ মাজতেই নহয়, প্ৰায় ৫০ জনীয়া এটা প্ৰতিবাদকাৰীৰ দলে একে সময়তে ষ্টেডিয়ামৰ বাহিৰতো আদানি বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ‘জলবায়ু অপৰাধীক ঋণ নিদিব’, ‘পুঁজি বন্ধ কৰক SBIয়ে’ এইধৰণে প্লেকাৰ্ডত লিখি প্ৰতিবাদকাৰীয়ে ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীৰ মূল উদ্দেশ্য আছিল আদানি গ্ৰুপৰ বিৰুদ্ধে। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত আদানি গ্ৰুপৰ কয়লা খননৰ এটা প্ৰকল্পক লৈ কেইবাটাও বছৰৰ পৰা যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আহিছে। ছেপ্টেম্বৰ মাহত আদানি গ্ৰুপে কৰা ঘোষণা অনুসৰি এই প্ৰকল্পৰ জৰিয়তে ১৫০০তকৈ অধিক লোকে সংস্থাপন লাভ কৰিব। কিন্তু অষ্ট্ৰেলিয়াৰ পৰিৱেশ সচেতনমহলে এই খননৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু কৰি আছে। তেনেসময়তেই আজি এইদৰে খেলৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে STOP ADANI নামৰ এটা সংগঠনে । এই সংগঠনৰ লগতে পৰিৱেশ সচেতকসকলৰ মতে আদানি গ্ৰুপৰ কয়লা খননে পাৰিপাৰ্শ্বিক ক্ষেত্ৰত যথেষ্ট বিয়োগাত্মক প্ৰভাৱ পেলাব। কয়লা খননে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে জৈৱ-বৈচিত্ৰ তথা অন্যান্য দিশসমূহতো প্ৰভাৱ পেলাব। আদানি যিহেতু ভাৰতীয় ব্যৱসায়ী, সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিবাদৰ সময়ত প্লেকাৰ্ডৰ জৰিয়তে ঋণ নিদিবলৈ দাবী জনায় ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষক।

তাৰোপৰি খেলখনত অষ্ট্ৰেলিয়ান দলৰ প্ৰতিপক্ষ আছিল ভাৰত। সেয়ে ভাৰতবৰ্ষৰ জনতাৰ যাতে দৃষ্টি নিবদ্ধ হয়, তাৰবাবেই এনেধৰণে ভাৰতীয় দলৰ খেলৰ মাজত প্ৰতিবাদ কৰা বুলি অনুমান কৰিব পাৰি।

Let’s go India! Let’s cut off Adani! Lots of support for our protest against the @TheOfficialSBI $1bn loan to Adani down at the SCG today #AUSvIND #StopAdani pic.twitter.com/Y7Pj49atkq

— Stop Adani (@stopadani) November 27, 2020

ইয়াৰ পূৰ্বেও Stop Adani গ্ৰুপৰ লগতে অষ্ট্ৰেলিয়াৰ বিভিন্ন পৰিৱেশ সচেতনকাৰীয়ে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত আদানি গ্ৰুপৰ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাৰমাইকেল কয়লা প্ৰকল্পৰ বিৰুদ্ধে বিগত কেইবাটাও বছৰত অষ্ট্ৰেলিয়াত প্ৰতিবাদ কৰি আহিছে। এই খননৰ সৈতে জড়িত আছে কুইন্সলেণ্ডৰ নিকটৱৰ্তী অৱবাহিকাৰ কৃষকৰ স্বাৰ্থ। কাৰণ খননৰ ফলত ভূতলীয় পানীত প্ৰভাৱ পৰাৰ থল আছে। সেয়ে লৈ উদ্বিগ্ন পৰিৱেশ সচেতক সকলে পুনৰ জাঙুৰ খাই উঠিছে। এইবাৰ ভাৰতীয় ষ্টেট বেংকলৈও প্ৰেছ বিজ্ঞপ্তিযোগেও আদানি গ্ৰুপক ১ বিলিয়ন ডলাৰৰ ঋণ প্ৰদান নকৰিবলৈ দাবী জনাইছে STOP ADANI নামৰ সংগঠনটোৱে। এই লৈ এতিয়া কেৱল অষ্ট্ৰেলিয়াতেই নহয়, ভাৰততো চৰ্চাৰ বিষয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: adani groupindia-australia odiproteststop adani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
Next Post
২৭ বছৰ জে’লত৷ এজন সংগ্ৰামী৷ নেতা কেনে হ’ব লাগে, শিকাই গ’ল নেলচন মেণ্ডেলাই৷

২৭ বছৰ জে’লত৷ এজন সংগ্ৰামী৷ নেতা কেনে হ’ব লাগে, শিকাই গ’ল নেলচন মেণ্ডেলাই৷

ৰাজ্যত অব্যাহত গৰু ছিণ্ডিকেট

ৰাজ্যত অব্যাহত গৰু ছিণ্ডিকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.