অসম লাইভ ২৪ঃ ছিডনীত চলি আছে ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেট মেচ ছিৰিজ। শুক্ৰবাৰে আৰম্ভ হোৱা ছিৰিজৰ প্ৰথমখন খেল চলি থকাৰ মাজতেই অথন্তৰ। হঠাতে পিটচৰ মাজলৈ দৌৰি সোমাই আহিল দুজন দৰ্শক। লগে লগে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে দৰ্শক দুজনক। তাৰে এগৰাকী দৰ্শক প্ৰায়ে ক্ৰিজৰ কাষ পালেগৈ। ভাৰতীয় বলাৰ নৱদীপ ছৈনিয়ে অ’ভাৰ আৰম্ভ কৰাৰ সময়তেই ঘটিল এই ঘটনা। দৰ্শক দুজনৰ উদ্দেশ্য আছিল আদানি গ্ৰুপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা। খেল চলি থকাৰ মাজতেই ক্ৰিকেট পিটচ পালেগৈ আদানিৰ বিৰুদ্ধে প্ৰতিবাদকাৰী। মুখত ‘Stop Adani’ , ‘Stop Coal’ ধ্বনি, পিন্ধনত ‘Stop Adani’ লিখা টি-ছাৰ্ট আৰু হাতত প্লেকাৰ্ড লৈ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত খেল চলি থকাৰ সময়তে এনেদৰে দুজন দৰ্শকে প্ৰতিবাদ সাব্যস্ত কৰে। সেই সময়ত বেটিঙত আছিল অষ্ট্ৰেলিয়ান দল। ছিডনী ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখনৰ সপ্তমটো অ’ভাৰ আৰম্ভ হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।
Pitch Invaders ?? Really ? Wowo ! Hahaha#AUSvsIND #INDvAUS #Sydney #ODI pic.twitter.com/yrFzPhSAvx
— “Raj”ini Siva (@rajsviewfinder1) November 27, 2020
কেৱল ফিল্ডৰ মাজতেই নহয়, প্ৰায় ৫০ জনীয়া এটা প্ৰতিবাদকাৰীৰ দলে একে সময়তে ষ্টেডিয়ামৰ বাহিৰতো আদানি বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ‘জলবায়ু অপৰাধীক ঋণ নিদিব’, ‘পুঁজি বন্ধ কৰক SBIয়ে’ এইধৰণে প্লেকাৰ্ডত লিখি প্ৰতিবাদকাৰীয়ে ক্ষোভ প্ৰকাশ কৰে।
প্ৰতিবাদকাৰীৰ মূল উদ্দেশ্য আছিল আদানি গ্ৰুপৰ বিৰুদ্ধে। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত আদানি গ্ৰুপৰ কয়লা খননৰ এটা প্ৰকল্পক লৈ কেইবাটাও বছৰৰ পৰা যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আহিছে। ছেপ্টেম্বৰ মাহত আদানি গ্ৰুপে কৰা ঘোষণা অনুসৰি এই প্ৰকল্পৰ জৰিয়তে ১৫০০তকৈ অধিক লোকে সংস্থাপন লাভ কৰিব। কিন্তু অষ্ট্ৰেলিয়াৰ পৰিৱেশ সচেতনমহলে এই খননৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু কৰি আছে। তেনেসময়তেই আজি এইদৰে খেলৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে STOP ADANI নামৰ এটা সংগঠনে । এই সংগঠনৰ লগতে পৰিৱেশ সচেতকসকলৰ মতে আদানি গ্ৰুপৰ কয়লা খননে পাৰিপাৰ্শ্বিক ক্ষেত্ৰত যথেষ্ট বিয়োগাত্মক প্ৰভাৱ পেলাব। কয়লা খননে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে জৈৱ-বৈচিত্ৰ তথা অন্যান্য দিশসমূহতো প্ৰভাৱ পেলাব। আদানি যিহেতু ভাৰতীয় ব্যৱসায়ী, সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিবাদৰ সময়ত প্লেকাৰ্ডৰ জৰিয়তে ঋণ নিদিবলৈ দাবী জনায় ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষক।
তাৰোপৰি খেলখনত অষ্ট্ৰেলিয়ান দলৰ প্ৰতিপক্ষ আছিল ভাৰত। সেয়ে ভাৰতবৰ্ষৰ জনতাৰ যাতে দৃষ্টি নিবদ্ধ হয়, তাৰবাবেই এনেধৰণে ভাৰতীয় দলৰ খেলৰ মাজত প্ৰতিবাদ কৰা বুলি অনুমান কৰিব পাৰি।
Let’s go India! Let’s cut off Adani! Lots of support for our protest against the @TheOfficialSBI $1bn loan to Adani down at the SCG today #AUSvIND #StopAdani pic.twitter.com/Y7Pj49atkq
— Stop Adani (@stopadani) November 27, 2020
ইয়াৰ পূৰ্বেও Stop Adani গ্ৰুপৰ লগতে অষ্ট্ৰেলিয়াৰ বিভিন্ন পৰিৱেশ সচেতনকাৰীয়ে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত আদানি গ্ৰুপৰ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাৰমাইকেল কয়লা প্ৰকল্পৰ বিৰুদ্ধে বিগত কেইবাটাও বছৰত অষ্ট্ৰেলিয়াত প্ৰতিবাদ কৰি আহিছে। এই খননৰ সৈতে জড়িত আছে কুইন্সলেণ্ডৰ নিকটৱৰ্তী অৱবাহিকাৰ কৃষকৰ স্বাৰ্থ। কাৰণ খননৰ ফলত ভূতলীয় পানীত প্ৰভাৱ পৰাৰ থল আছে। সেয়ে লৈ উদ্বিগ্ন পৰিৱেশ সচেতক সকলে পুনৰ জাঙুৰ খাই উঠিছে। এইবাৰ ভাৰতীয় ষ্টেট বেংকলৈও প্ৰেছ বিজ্ঞপ্তিযোগেও আদানি গ্ৰুপক ১ বিলিয়ন ডলাৰৰ ঋণ প্ৰদান নকৰিবলৈ দাবী জনাইছে STOP ADANI নামৰ সংগঠনটোৱে। এই লৈ এতিয়া কেৱল অষ্ট্ৰেলিয়াতেই নহয়, ভাৰততো চৰ্চাৰ বিষয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ