৫.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পত কঁপি উঠিল তীব্বত
তিব্বতৰ পৰা আহিছে এক ডাঙৰ খবৰ। সোমবাৰৰ মাজ নিশা ভাৰতীয় সময় অনুসৰি ২:৪১ বজাত তীব্বতত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ হৈছিল। সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতা আছিল ভূমিকম্পটোৰ অভিকেন্দ্ৰ।
ৰাষ্ট্ৰীয় ভূ-কম্পন বিভাগ তথা নেশ্যনেল চিইজম’লজীৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ৫.৭ ৰিখটাৰ জোখৰ ভূমিকম্পই কঁপাই যায় তীব্বত। বৰ্তমালৈকে এই ভূম্কম্পৰ ফলত কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই।
ইফালে প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দল সজাগ আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















