জ্যোতিষশাস্ত্ৰ দেৱগুৰু বৃহস্পতি জ্ঞান আৰু বুদ্ধিৰ কাৰক বুলি বিবেচিত৷ প্ৰায় ১৩ মাহৰ পাছত এটা ৰাশি এৰি অন্য ৰাশিত গমন কৰিব বৃহস্পতিয়ে৷ এটা ৰাশিচক্ৰ সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ বৃষ ৰাশিত আছিল দেৱগুৰু৷ আজি ১৪ মে বৃহস্পতিয়ে শুক্ৰৰ ঘৰ বৃষ এৰি বুধৰ ঘৰ অৰ্থাৎ মিথুনত প্ৰৱেশ কৰিব৷ আগন্তুক ১৮ অক্টোবৰ পৰ্যন্ত মিথুনতেই থাকিব দেৱগুৰু৷ তাৰপাছতেই মিথুনৰ পৰা বাহিৰলৈ ওলাই বৃহস্পতিয়ে চন্দ্ৰত প্ৰৱেশ কৰিব৷ আৰু বৃহস্পতিৰ এই ঘৰ সলনিৰ ফলত পাঁচ ৰাশিৰ ভাগ্য সলনি হব৷ জানি থওক কাৰ কাৰ কঁপাল ফুলিব?
বৃষ ৰাশি
বৃহস্পতিৰ ঘৰ সলনি বৃষ ৰাশিৰ বাবে লাভজনক হব৷ বহু দিন ধৰি ৰৈ থকা কাম এইবাৰ শেষ কৰিব পাৰিব৷ চাকৰিয়ালৰ বাবে এই সময় ভাল৷ ব্যৱসায় আৰু সুৰক্ষিত হব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷
সিংহ ৰাশি
বৃহস্পতিৰ ৰাশি পৰিবৰ্তনত সিংহ ৰাশিৰ ভাগ্য উদয় হব৷ যিকোনো পৰিস্থিতিয়ে অনুকূল হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷ বিনিয়োগৰ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তিয় দুঃচিন্তা কমিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰই বৃহস্পতিৰ গোচৰত ইতিবাচক ফল পাব৷ ব্যৱসায়ত বৃহৎ লাভ পাব৷ আত্মবিশ্বাসো বাঢ়িব৷ কৰ্মক্ষেত্ৰত সাফল্যৰ সম্ভাৱনা আছে৷ সমাজত মান সন্মান বাঢ়িব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ জীৱনত সুখ, বিলাসিতা বাঢ়িব৷
ধনু ৰাশি
দেৱগুৰুৰ কৃপাত ধনু ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পুৰণি ঋণৰ পৰা মুক্তি পাব৷ চৰকাৰী চাকৰি লাভৰ সুযোগ আহিব পাৰে৷ আৰ্থিক সংকট দূৰ হব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মক্ষেত্ৰত বিদেশ ভ্ৰমণৰ যোগ আছে৷
কুম্ভ ৰাশি
বৃহস্পতিৰ যাত্ৰাত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ওপৰত শুভ প্ৰভাৱ পৰিব৷ কেৰিয়াৰ সম্পৰ্কিত সমস্যাসমূহ শেষ হব৷ সৃজনশীল কামত যুক্ত ব্যক্তিয়ে কামত অগ্ৰগতি কৰিব৷ অৰ্থ সঞ্চয় কৰিব পাৰিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ সম্পত্তি ক্ৰয়ৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ