পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ
পাকিস্তানক সমৰ্থন কৰি এইবাৰ বিপদত তুৰ্কী। তুৰ্কীৰ বিৰুদ্ধে ভাৰতে ল’লে বিশেষ পদক্ষেপ। তুৰ্কীৰ গ্ৰাউণ্ড হেণ্ডলিং কোম্পানী ‘চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড’ক প্ৰদান কৰা নিৰাপত্তাৰ অনুমতি বাতিল কৰে।
আজি ১৫ মে তাৰিখ বৃহস্পতিবাৰে বিমান পৰিবহণ নিৰাপত্তা চোৱাচিতা সংস্থা ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে (BCAS) বাতিল কৰে তুৰ্কীৰ ‘চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ’ কোম্পানীৰ অনুমতি।
এক নিৰ্দেশত ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে (বিচিএএছ) কয় যে তুৰস্কৰ চেলেবীৰ অংশ চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়াৰ নিৰাপত্তাৰ অনুমতি বাতিল কৰিছে। চেলেবিৰ ৱেবছাইট অনুসৰি কোম্পানীটোৱে ৯টা বিমানবন্দৰত – মুম্বাই, দিল্লী, কোচিন, কান্নুৰ, বাংগালুৰু, হায়দৰাবাদ, গোৱা, আহমেদাবাদ আৰু চেন্নাইত সেৱা আগবঢ়াই আছিল।
কেৱল সিমানেই নহয় ভাৰতৰ ফলমূল বিক্ৰেতাসকলে তুৰ্কীৰ পৰা আপেল আমদানি কৰা বন্ধ কৰি দিছে। খুচুৰা ব্যৱসায়ীসকলেও ডাঙৰ ব্যৱসায়ীৰ পৰা তুৰ্কী আপেল ক্ৰয় কৰা নাই। ইয়াৰ মূলতে শত্ৰু পাকিস্তানক সমৰ্থন কৰা তুৰস্কৰ অৰ্থনৈতিক ক্ষতি হ’ব লাগে।
ব্যৱসায়ীসকলৰ লগতে সাধাৰণ জনতাইও তুৰস্ক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। ব্যৱসায়ীসকলৰ পৰা পোৱা তথ্য অনুসৰি তুৰস্কৰ পৰা ভাৰতলৈ এক লাখ মেট্ৰিক টনৰো অধিক আপেল আমদানি কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















