উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা৷ শনিবাৰে জৰুৰী অৱতৰণৰ সময়ত এখন হেলিকপ্টাৰ ভাঙি পৰিছে৷ ভাঙি পৰা হেলিকপ্টাৰ খনত মুঠ ৩গৰাকী আৰোহী থকা বুলি জনা গৈছে৷ এজন চিকিৎসকসহ দুগৰাকী ৰোগী আছিল বিশেষ হেলিকপ্টাৰ খনত৷ প্ৰাপ্ত তথ্য অনুসৰি ভাঙি পৰা হেলিকপ্টাৰখন এখন এয়াৰ এম্বুলেন্স বুলি জনা গৈছে৷ এই এম্বুলেন্সখন ঋষিকেশ এইমছৰ আছিল বুলি জনা গৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি ৰোগীক কেদাৰনাথ ধামৰ পৰা এয়াৰ এম্বুলেন্সৰ মাধ্যমেৰে ঋষিকেশ এইমছলৈ লৈ যোৱা হৈছিল৷ হেলিকপ্টাৰখনত পাইলট, ৰোগী আৰু চিকিৎসক আছিল৷ হেলিকপ্টাৰৰ পিছৰ অংশ হঠাৎ ভাঙি পৰে যাৰ ফলত হেলিকপ্টাৰখনে ক্ৰাছ লেণ্ডিং কৰে৷
প্ৰাপ্ত তথ্য অনুসৰি কেদাৰনাথ হেলিপেডৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰৈত হেলিকপ্টাৰখন ভাঙি পৰিছে৷ স্বস্তিৰ বিষয় এয়াই যে হেলিকপ্টাৰখনত থকা তিনিগৰাকী যাত্ৰীয়েই নিৰাপদে আছে৷ সম্প্ৰতি বদ্ৰীনাথ ধামত এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰা হৈছিল৷ মে মাহত বৰ্তমানলৈকে মুঠ ৩খন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে৷ তাৰমাজতেই উত্তৰকাশী জিলাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৬গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ