• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক

তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক

1 year ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

6 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

7 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

8 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

8 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

9 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

9 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

10 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

12 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

12 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক

তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক

editor by editor
May 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহৰ পাছত কেইবাবছৰলৈ নিঃসন্তান আছিল দম্পতি৷ ১৩ বছৰ পূৰ্বে হঠাৎ তেওঁলোকে ৰাস্তাৰ পৰা তিনিদিনীয়া এটি শিশুক তুলি আনে৷ দেৱতাৰ দান ভাৱি সেই সন্তানকেই নিজৰ ভাৱি ডাঙৰ দীঘলো কৰিছে৷ কন্যা শিশুটিক মানুহ কৰাৰ বাবে তেওঁলোকে যথাসাধ্য সকলোখিনিয়েই কৰিছিল৷ কিন্তু কৈশোৰত ভৰি দিয়া সেই কন্যা সন্তানেই হত্যা কৰিলে মাতৃক৷ আনকি মাতৃৰ গহনাও চুৰি কৰি প্ৰেমিকক গতালে সেই তুলনীয়া কন্যাই৷ চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে ওড়িশাৰ গজপতি জিলাত৷ অভিযুক্ত কন্যা অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ হত্যাকাৰী কন্যা আৰু প্ৰেমিকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি বিগত ২৯ এপ্ৰিলত আকস্মিকভাৱে মৃত্যু হয় ৫৪ বছৰীয়া ৰাজলক্ষ্মী কৰৰ৷ ২বছৰ পূৰ্বে তেওঁৰ স্বামীৰো মৃত্যু হৈছে৷ স্বামীৰ মৃত্যুৰ পাছত তোলনীয়া কন্যাক পঢ়াশুনা কৰাবলৈ তেওঁ টাউনত ঘৰ ভাৰা লৈ আছিল৷ অষ্টম শ্ৰেণীত পঢ়ি থকা কন্যাগৰাকী পঢ়াশুনাটো যথেষ্ট ভাল৷ কিন্তু সেই কন্যাই মাতৃৰ অমতত লৈ দুজনকৈ লৰাৰ প্ৰেমত পৰে৷ মাতৃয়ে এই কথাত কন্যাক কিছু গালিগালাজো কৰিছিল৷ কিন্তু মাতৃৰ কথা শুনা নাছিল সেই কন্যাই৷ শেষত প্ৰেমৰ ৰাস্তাৰ পৰা মাতৃক আঁতৰাবলৈকে হত্যাৰ ষড়যন্ত্ৰ ৰচে কন্যাই৷ ষড়যন্ত্ৰমতেই মাতৃক হত্যাও কৰে৷ তাৰপিছতেই মোমায়েকৰ ঘৰলৈ ফোন কৰি ৰাজলক্ষ্মীৰ মৃত্যুৰ খবৰ জনায় সেই কন্যাই৷ ৩০ এপ্ৰিলত মোমায়েকৰ ঘৰলৈ ফোন কৰি জনায় যে তেওঁৰ মাতৃৰ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে৷ কেইজনমান পৰিচিত ব্যক্তিৰ সৈতে শেষকৃত্য কৰাৰ কথাও জনায়৷ এই খবৰ লাভ কৰিয়েই মোমায়েকৰ পৰিয়ালৰ লোক ঘৰলৈ আহে৷ তেওঁলোকে অনাথ কন্যাগৰাকীৰ দায়িত্ব লোৱাৰ কথাও প্ৰকাশ কৰে৷ কিন্তু মোমায়েকে কিছু সন্দেহ কৰে এই মৃত্যুৰ ঘটনা সহজ নহয়৷

তাৰপিছতেই মোমায়েকে আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীৰ কাষ চপাৰ পাছতেই মোমায়েকে ভাড়াঘৰত থকা ভনীয়েকৰ সমূহ সামগ্ৰী ঠিকেঠাকে আছেনে সেয়া পৰ্যবেক্ষণ কৰে৷ তেতিয়াই তেওঁ দেখা পায় যে ভনীয়েকৰ কোনো গহনা সেই ঘৰত নাই৷ ভাড়াঘৰতেই এটা মোবাইল ফোনো লাভ কৰে মোমায়েকে৷ সেই মোবাইল আৰক্ষী চকীত জমা দিয়াৰ পাছতেই সেই মোবাইলৰ পৰাই কেইবাটাও তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ সেই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে এই ঘটনাক হত্যাকাণ্ড বুলি প্ৰমাণ কৰিছে৷ আৰু এই হত্যাত নিজ কন্যাই জড়িত তাৰো প্ৰমাণ লাভ কৰে আৰক্ষীয়ে৷

আৰক্ষী সূত্ৰই জনাইছে যে অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে দুজন লৰাৰ সৈতে একেসময়তে প্ৰেম কৰিছে৷ এই প্ৰেমত মাতৃ বাধা হৈছিল৷ সেয়ে কন্যাগৰাকীয়ে দুই প্ৰেমিকৰ সৈতে মিলি মাতৃক হত্যা কৰে৷ এই হত্যাকাণ্ডত কন্যাক সহায় কৰিছে ২১ বছৰীয়া যুৱক গণেশ ৰথ আৰু ২০ বছৰীয়া দীনেশ ছাউ নামৰ দুই যুৱকে৷ ২৮ এপ্ৰিলৰ নিশা মাতৃক বেছি পৰিমাণে টোপনিৰ ঔষধ খুৱাই হত্যা কৰিছে কন্যাই৷ টোপনিৰ ঔষধ খুৱাই মাতৃক অচেতন কৰি শ্বাসৰোধ কৰি হত্যা কৰা হৈছে৷ তাৰপিছতেই দুই যুৱকক মাতি হাস্পতাললৈ লৈ যায় মাতৃগৰাকীৰ দেহ৷ চিকিৎসকে মৃত ঘোষণা কৰাৰ পাছতেই গাড়ী ভাড়া কৰি মাতৃক শ্মশানলৈ লৈ যায়৷ সেই কামতো কন্যাক লগ দিছিল দুই প্ৰেমিকে৷ শেষকৃত্যৰ পাছত মোমায়েকৰ ঘৰত ফোন কৰি মাতৃৰ মৃত্যু খবৰ দিছিল কন্যাগৰাকীয়ে৷

ইতিমধ্যে তদন্ত চলাই সেই নাৱালিকা আৰু দুই প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ শুকুৰবাৰে ঘটনাস্থললৈ গৈ কিছু নমুনাও সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷ ধৃত তিনিজনৰ মোবাইল ফোনো বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে৷ নাবালিকাক জুভেনাইল জাষ্টিছ বৰ্ডত হাজিৰ কৰোৱা হৈছে৷ আৰু দুই যুৱকক হাজিৰ কৰোৱা হৈছে আদালতত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
Next Post
শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.