বিবাহৰ পাছত কেইবাবছৰলৈ নিঃসন্তান আছিল দম্পতি৷ ১৩ বছৰ পূৰ্বে হঠাৎ তেওঁলোকে ৰাস্তাৰ পৰা তিনিদিনীয়া এটি শিশুক তুলি আনে৷ দেৱতাৰ দান ভাৱি সেই সন্তানকেই নিজৰ ভাৱি ডাঙৰ দীঘলো কৰিছে৷ কন্যা শিশুটিক মানুহ কৰাৰ বাবে তেওঁলোকে যথাসাধ্য সকলোখিনিয়েই কৰিছিল৷ কিন্তু কৈশোৰত ভৰি দিয়া সেই কন্যা সন্তানেই হত্যা কৰিলে মাতৃক৷ আনকি মাতৃৰ গহনাও চুৰি কৰি প্ৰেমিকক গতালে সেই তুলনীয়া কন্যাই৷ চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে ওড়িশাৰ গজপতি জিলাত৷ অভিযুক্ত কন্যা অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ হত্যাকাৰী কন্যা আৰু প্ৰেমিকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
তাৰপিছতেই মোমায়েকে আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীৰ কাষ চপাৰ পাছতেই মোমায়েকে ভাড়াঘৰত থকা ভনীয়েকৰ সমূহ সামগ্ৰী ঠিকেঠাকে আছেনে সেয়া পৰ্যবেক্ষণ কৰে৷ তেতিয়াই তেওঁ দেখা পায় যে ভনীয়েকৰ কোনো গহনা সেই ঘৰত নাই৷ ভাড়াঘৰতেই এটা মোবাইল ফোনো লাভ কৰে মোমায়েকে৷ সেই মোবাইল আৰক্ষী চকীত জমা দিয়াৰ পাছতেই সেই মোবাইলৰ পৰাই কেইবাটাও তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ সেই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে এই ঘটনাক হত্যাকাণ্ড বুলি প্ৰমাণ কৰিছে৷ আৰু এই হত্যাত নিজ কন্যাই জড়িত তাৰো প্ৰমাণ লাভ কৰে আৰক্ষীয়ে৷
আৰক্ষী সূত্ৰই জনাইছে যে অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে দুজন লৰাৰ সৈতে একেসময়তে প্ৰেম কৰিছে৷ এই প্ৰেমত মাতৃ বাধা হৈছিল৷ সেয়ে কন্যাগৰাকীয়ে দুই প্ৰেমিকৰ সৈতে মিলি মাতৃক হত্যা কৰে৷ এই হত্যাকাণ্ডত কন্যাক সহায় কৰিছে ২১ বছৰীয়া যুৱক গণেশ ৰথ আৰু ২০ বছৰীয়া দীনেশ ছাউ নামৰ দুই যুৱকে৷ ২৮ এপ্ৰিলৰ নিশা মাতৃক বেছি পৰিমাণে টোপনিৰ ঔষধ খুৱাই হত্যা কৰিছে কন্যাই৷ টোপনিৰ ঔষধ খুৱাই মাতৃক অচেতন কৰি শ্বাসৰোধ কৰি হত্যা কৰা হৈছে৷ তাৰপিছতেই দুই যুৱকক মাতি হাস্পতাললৈ লৈ যায় মাতৃগৰাকীৰ দেহ৷ চিকিৎসকে মৃত ঘোষণা কৰাৰ পাছতেই গাড়ী ভাড়া কৰি মাতৃক শ্মশানলৈ লৈ যায়৷ সেই কামতো কন্যাক লগ দিছিল দুই প্ৰেমিকে৷ শেষকৃত্যৰ পাছত মোমায়েকৰ ঘৰত ফোন কৰি মাতৃৰ মৃত্যু খবৰ দিছিল কন্যাগৰাকীয়ে৷
ইতিমধ্যে তদন্ত চলাই সেই নাৱালিকা আৰু দুই প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ শুকুৰবাৰে ঘটনাস্থললৈ গৈ কিছু নমুনাও সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷ ধৃত তিনিজনৰ মোবাইল ফোনো বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে৷ নাবালিকাক জুভেনাইল জাষ্টিছ বৰ্ডত হাজিৰ কৰোৱা হৈছে৷ আৰু দুই যুৱকক হাজিৰ কৰোৱা হৈছে আদালতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















