কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
এক অনন্য ৰেকৰ্ড গঢ়িবলৈ গৈ আছে ক্ৰিকেটাৰ কে এল ৰাহুলে। বিৰাট কোহলীৰ নামত থক এক ‘বিৰাট’ ভংগ কৰি নিজৰ নামত কৰিবলৈ গৈ আছে কে এল ৰাহুল। দ্ৰুত ৮০০০ ৰান কৰিবলৈ গৈ আছে ৰাহুলে।
দিল্লী কেপিটেলছৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলক টি-২০ কেৰিয়াৰত ৮০০০ ৰান সম্পূৰ্ণ কৰিবলৈ এতিয়া মাথো প্ৰয়োজন ৩৩ ৰানৰ। এই ৩৩ ৰান সংগ্ৰহ কৰিলেই ৰাহুলি বিৰাট কোহলীৰ ডাঙৰ অভিলেখ ভংগ কৰিব। বৰ্তমানে সুন্দৰ ফৰ্মত আছে ৰাহুল।
বিৰাট কোহলী বৰ্তমান টি-২০ ক্ৰিকেটত দ্ৰুত ৮ হাজাৰ ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন। তেওঁ বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। কিন্তু আজি কে এল ৰাহুলে এই অভিলেখ ভংগ কৰিব পাৰে। বিৰাটে টি-২০ কেৰিয়াৰৰ ২৫৭খন মেচ আৰু ২৪৩খন ইনিংছত ৮০০০ ৰান সম্পূৰ্ণ কৰে।
আজি কে এল ৰাহুলৰ ২৩৭ সংখ্যক মেচ আৰু ২২৪ সংখ্যক ইনিংছত, তেওঁৰ ৮ হাজাৰ টি-২০ ৰানৰ পৰা মাত্ৰ ৩৩ ৰান দূৰত। বৰ্তমান ৰাহুলৰ হাতত আছে ৭৯৬৭ ৰান, য’ত ৬ শতক আৰু ৬৮টা অৰ্ধশতক অন্তৰ্ভুক্ত।
এই তালিকাৰ শীৰ্ষত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰীছ গেইল, যিয়ে ২১৭খন মেচ আৰু ২১৩খন ইনিংছত এই সংখ্যাত উপনীত হৈছে। দ্বিতীয় স্থানত আছে বাবৰ আজমে ২২৭খন মেচ আৰু ২১৮ ইনিংছত ৮ হাজাৰ টি-২০ ৰান সম্পূৰ্ণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















