কাঁন মহোৎসৱত কাপোৰ ফাটিল উৰ্বশী ৰাউটেলাৰ, ট্ৰোলৰ সন্মুখিন সকলোফালে
ফেস্বন জগতৰ অস্কাৰ খ্যাত কাঁন মহোৎসৱৰ ৰেট কাৰ্পেটত এবাৰ খোজ দিবলৈ সকলো তাৰকাই সপোন দেখে। কিছুমানে অভিনয়েৰে নিজৰ নাম উজলাই, কোনোৱে ফেস্বন জিডাইন কৰি নাম উজলাই এই ৰেড কাৰ্পেটত খোজ দিবলৈ যায়।
পূৰ্বৰ কেইবাৰৰ দৰে এইবাৰো ৰেড কাৰ্পেটত খোজ দিবলৈ গৈছে বহু কেইগৰাকী ভাৰতীয। পছে তাৰে মাজত মহোৎসৱৰ দ্বিতীয়দিনা বিশেষভাৱে চৰ্চিত হয় ভাৰতীয় মডেল তথা অভিনেত্ৰী উৰ্ৱশী ৰাউটেলা।
প্ৰথম দিনা এগৰাকী ৰাজকুমাৰীৰ দৰে সাজ পৰিধান কৰাৰ লগতে শীৰত পৰিধান কৰে মুকুট। লগতে ৰাখে এটা ৪.৬৭ লাখ টকীয়া ভাটৌ আকৃতিৰ সৰু বেগ। সেই বেগটোৱে দৃষ্টি কাঢ়ে ফেশ্বন জগতৰ লোকৰ।
পাছে কাঁনৰ দ্বিতীয়টো দিনৰ কলা সাজজোৰে বিয়াকৈ ট্ৰোলৰ সন্মুখিন কৰায় অভিনেত্ৰীগৰাকীক। কাৰণ মহোৎসৱৰ দ্বিতীয়টো দিনা পৰিধান কৰা ড্ৰেছ আছিল ফটা। ফটা কাপোৰৰ সৈতেই মহোৎসৱত উপস্থিত হৈ ফটোৰ বাবে পোজ দিয়ে ।
কলা গাউনটোৰ হাতৰ জইনৰ কান্ধৰ তলতে ফটা আছিল। যি অংশৰে ওলাই পৰিছিল উৰ্ৱশীৰ শৰীৰ। প্ৰথমে সকলোৱে ভাবিছিল এয়া ডিজাইন, কিন্তু ভালদৰে লক্ষ্য কৰাত জানিব পাৰে এয়া কোনো ডিজাইন নহয়, বৰঞ্চ চিলাই ফটা কাপোৰ যোৰৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















