৪বল বাকী থাকোতেই মুখত হাত দি বহি পৰিছিল বিৰাট৷ চকু ঢাকি ধৰিছিল দুই হাতেৰে৷ চকু ঢাকিলেও বুজা গৈছিল চকুৰ পানী বাগৰিছে৷ খেল শেষ নহলেও তেতিয়ালৈকে খেলৰ ভাগ্য নিৰ্ণয় হৈয়েই গৈছিল৷ অৰ্থাৎ জয় নিশ্চিত হৈছিল বাংগালুৰুৰ৷ সেয়ে নিজৰ আৱেগ ধৰি ৰাখিব নোৱাৰিলে কিং কোহলীয়ে৷ কেৰিয়াৰৰ সকলো ট্ৰফিয়েই তেওঁ লাভ কৰিছে৷ কেৱল বাকী আছিল আই পি এল৷ অৱশেষত সেয়াও তেঁও লাভ কৰিলে৷ ১৮তম বছৰত আইপিএল জিকিলে কোহলীয়ে৷ বহুদিনীয়া সপোন পূৰণ হল কোহলীৰ৷
খেল চলি থকাৰ সময়ৰ পৰিস্থিতি দেখি টেলিভিছনৰ দৰ্শকৰ বুজাত অসুবিধা হৈছিল খেল কত চলি আছে? আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নে বাংগালুৰুৰ চিন্নাস্বামী? কাৰণ সমগ্ৰ ষ্টেডিয়ামেই ৰঙা হৈ পৰিছিল৷ দুই ফাইনেলিষ্ট বাংগালুৰু আৰু পঞ্জাৱৰ জাৰ্ছিত ৰঙাৰ আধিক্য বেছি থাকিলেও গেলাৰীত সৰ্বাধিক দেখা গৈছিল বাংগালুৰুৰ সমৰ্থকহে৷ ৯০ হাজাৰৰো অধিক দৰ্শকে ভৰি আছিল ষ্টেডিয়ামৰ গেলাৰী৷
এইবাৰৰ আই পিএলৰ নতুন চেম্পিয়ন কোন হব সেই চৰ্চা পূৰ্বৰে পৰাই চলি আছিল৷ শ্ৰেয়ছৰ আই পি এল জিকাৰ অভিজ্ঞতা আছে৷ বিগত বৰ্ষত কলকাতা নাইট ৰাইডাৰ্ছক ট্ৰফি দিছিল তেওঁ৷ সেই দিশৰ পৰা চাবলৈ গলে অভিজ্ঞতা বেছি আছিল শ্ৰেয়ছৰ৷ কিন্তু অকল অধিনায়কে কি কৰিব? চেম্পিয়নছ হবলৈ গলে সকলোৱে ভাল খেলিব লাগিব৷ সেয়া কৰি দেখুৱালে বাংগালুৰুৱে৷ এটা দল হিচাপে চেম্পিয়নছ হল তেওঁলোক৷
১৯০ ৰান কৰিছে বাংগালুৰু৷ সেয়া তেওঁলোকৰ দলগত খেলাৰ ফল৷ প্ৰত্যেকে কিছু কিছু ৰান কৰিছে৷ এটা সময়ত দৰ্শকৰ ধাৰণা হৈছিল ১৭৫ ৰানৰ বেছি নহয়৷ ১৫ ৰান বেছি হোৱাৰ অৱদান জিতেশ শৰ্মাৰ৷ বাংগালুৰুৰ ওচৰত কঠিন চেলেঞ্জ আছিল৷ পঞ্জাৱে যেনেকৈ আৰম্ভ কৰিছিল খেল সেয়া চাই বাংগালুৰুৱে ট্ৰফী জয় কৰিব কোনোৱে ভাৱিব পৰা নাছিল৷ শেষ পৰ্যন্ত অৱশ্যে ১৮৪ ৰানতেই শেষ হল পঞ্জাৱৰ ইনিংছ৷ ৬ ৰানত চেম্পিয়নছ হল বাংগালুৰু৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















