জাতি লোকপিয়লৰ তাৰিখ ঘোষণা, ১৬ বছৰৰ মূৰকত হ’ব লোকপিয়ল
লোকপিয়লৰ তাৰিখ আৰু জাতিগত লোকপিয়লৰ তাৰিখ সদৰি। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই লোকপিয়ল দুটা পৰ্যায়ত চলিব। ইয়াৰ প্ৰথম পৰ্যায় ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায় ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব।
জাতি লোকপিয়লৰ সমান্তৰালকৈ দুটা পর্যায়ত লোকপিয়ল-২০২৭ কৰা হ’ব৷ ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব লোকপিয়ল-২০২৭।
অৱশ্যে ইয়াৰ আৰম্ভণি হ’ব আগতীয়াকৈ – ২০২৬ চনৰ অক্টোবৰ মাহৰ ভিতৰতে – বৰফাবৃত্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, যেনে লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, আৰু উত্তৰাখণ্ডত।
দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই লোকপিয়লত দেশজুৰি পুৰুষ-মহিলাক সোধা প্ৰশ্নৰ দীঘলীয়া তালিকাত উল্লেখযোগ্য সংযোজন হ’ব – জাতি আৰু উপজাতি সম্পৰ্কীয় প্ৰশ্ন।
৩০ এপ্ৰিলত চৰকাৰে নিশ্চিত কৰিছিল যে জাতি সম্পৰ্কীয় প্ৰশ্নসমূহ – অৰ্থাৎ বিভিন্ন জাতি আৰু উপজাতিৰ গণনা, আৰু প্ৰতিটোতে মানুহৰ সংখ্যা – পৰৱৰ্তী লোকপিয়লৰ অংশ হ’ব।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় জনসংখ্যা গণনা অন্তিমবাৰ ২০১১ চনত হৈছিল। প্ৰতি ১১ বছৰৰ মূৰে মূৰে লোকপিয়ল হয় যদিও, ক’ৰোনা মহামাৰীৰ বাবে ২০২১ চনৰ লোকপিয়ল ত্যাগ কৰিবলগীয়া হৈছিল। সেয়ে ২০২৭ চনত লোকপিয়ল অনুষ্ঠিত হ’ব, যি ১৬ বছৰৰ মূৰকত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















