বিগত ২৯ মাৰ্চত শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিছে৷ এইবাৰ চিধা পথ এৰি বক্ৰী পথেৰে গমন কৰিব শনিয়ে৷ আগন্তুক ১৩ জুলাইৰ পৰা ১৩৯ দিনৰ বাবে শনি বক্ৰী হব৷ মীন ৰাশিত আগন্তুক ২৮ নৱেম্বৰ পৰ্যন্ত চলিব শনিৰ বক্ৰীদশা৷ কৰ্মফলদাতা শনি বক্ৰপথেৰে গমন কৰিলে ক্ষতি কৰাৰ ক্ষমতা আৰু বাঢ়ি যায়৷ জানি থওক শনি বক্ৰী হ’লে ইয়াৰ তিৰ্যক দৃষ্টিত নানান সমস্যাৰ সন্মুখীন হ’ব এইকেইটা ৰাশিৰ জাতক৷
মেষ ৰাশি
মেষ ৰাশিৰ দ্বাদশ ঘৰত বক্ৰী হব শনি৷ এই পৰিস্থিতিত নানান খৰচ বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ স্বাস্থ্যক লৈ সতৰ্ক থাকিব লাগিব আপুনি৷ অসুখ বিসুখত ভূগিব পাৰে৷ কেৰিয়াৰত নানান সমস্যা আৰু বাধাৰ সন্মুখীন হব৷ সকলো বুদ্ধিৰে মেনেজ নকৰিলে সমস্যা আৰু বাঢ়িব মেষ ৰাশিৰ জাতকৰ জীৱনত৷
মিথুন ৰাশি
মিথুন ৰাশিৰ দশম ঘৰত বক্ৰী হব শনি৷ এই পৰিস্থিতিত আপুনি নাম আৰু খ্যাতি অৰ্জন কৰিলেও পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিব৷ এই সময়ত আপুনি সাফল্য পাবলৈ প্ৰচুৰ পৰিশ্ৰম কৰিব লাগিব৷ কাৰ্যালয়ত প্ৰচুৰ পৰিমাণে কামৰ চাপ থাকিব মিথুন ৰাশিৰ জাতকৰ৷ ব্যক্তিগত সম্পৰ্কতো উঠানমা থাকিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ সপ্তম ঘৰত বক্ৰী হব শনি৷ এই সময়ত অংশীদাৰিত্বৰ কোনো কাম কৰিলে সেয়া সতৰ্কভাৱে কৰা জৰুৰী৷ ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হব পাৰে৷ ব্যক্তিগত জীৱনতো নানান সমস্যা আহিব পাৰে৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হব৷ আৰ্থিক পৰিস্থিতিৰো অৱনতি হব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ ষষ্ঠ ঘৰত বক্ৰী হব শনি৷ এই সময়ত আপুনি বিৰোধীসকলক হেৰুৱাই সাফল্য পাব৷ কিন্তু শাৰীৰিক আৰু মানসিকভাৱে মুঠেও ভালে নাথাকিব এই ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব৷ নানান কাৰণত টেনছনত ভূগিব৷ পাৰিবাৰিক নানান সমস্যাই দেখা দিব৷ সম্পত্তিগত সমস্যাত সোমাই পৰিব তুলা ৰাশিৰ জাতক৷
ধনু ৰাশি
ধনু ৰাশিৰ চতুৰ্থ ঘৰত বক্ৰী হব শনি৷ এই সময়ত পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিব ধনু ৰাশিৰ জাতক৷ কাৰ্যালয়ত সমস্যাই দেখা দিব পাৰে৷ চাকৰি এৰাৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে৷ মাতৃৰ স্বাস্থ্যক লৈ সচেতন থাকক৷ কামৰ চাপ বাঢ়িব৷ আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















