• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

1 year ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

45 minutes ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

21 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

22 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

editor by editor
June 9, 2025
in অপৰাধ, উত্তৰ-পূব
0
কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়ত নৃশংসভাৱে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক৷ তেওঁৰ পষ্টমৰ্টেম ৰিপৰ্ট সন্মুখলৈ অহাৰ লগে লগেই স্পষ্ট হৈছে কেনেকৈ মৃত্যু হৈছিল ইন্দোৰৰ সদ্যবিবাহিত ব্যৱসায়ী ৰাজাৰ৷ মধ্যপ্ৰদেশৰ দম্পতিহালৰ মেঘালয়লৈ হনিমুন ট্ৰিপতেই ৰচা হৈছিল ঘটনাৰো ব্লুপ্ৰিণ্ট৷ বিগত ১৭ দিনৰ উত্তেজনাৰ অন্ত পৰিল শিয়ৰি উঠা অবিশ্বাস্য তথ্যৰে৷

মেঘালয়লৈ হানিমুনত গৈ হেৰুওৱা বুলি দিয়া কেচ এতিয়া মাৰ্ডাৰ কেচলৈ পৰিবৰ্তিত হৈছে৷ প্ৰথমে ধাৰণা কৰা হৈছিল হানিমুনলৈ ফুৰিবলৈ গৈ বিপদত পৰিছে সেই দম্পতি৷ তৰুণৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই অঘটনৰ সম্ভাৱনা আৰু প্ৰৱল বুলি ধাৰণা কৰিছিল সকলোৱে৷ আৰক্ষীয়েও ৰাজাৰ পত্নী সোনমক বিচাৰি আৰু জোৰদাৰ কৰিছিল অভিযান৷ ১৭ দিনীয়া অভিযানৰ অন্তত আৰক্ষী তদন্তত প্ৰকাশ যে সোনম ভিক্টিম নহয় তেঁৱেই প্ৰধান ভিলেইন৷ প্ৰেমিকৰ সৈতে মিলি ষড়যন্ত্ৰ কৰি ভাৰাতীয়া কিলাৰৰ সহায়ত সদ্যবিবাহিত স্বামীক হত্যা কৰিলে সোনমে৷ দীৰ্ঘদিনীয়া অভিযানৰ অন্তত দেওবাৰে মাজনিশা আৰক্ষীৰ জালত পৰিছে আটাইকেইটা হত্যাকাৰী৷

মেঘালয়লৈ ফুৰিবলৈ আহি হঠাৎ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাত ৰাজা ৰঘূবংশীৰ পৰিয়ালৰ লোক দ্বাৰস্থ হৈছিল ইন্দোৰৰ প্ৰশাসনৰ৷ তাৰপিছতেই ইন্দোৰৰ প্রশাসনে মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল৷ আৰক্ষীৰ অভিযানতেই ২ জুনত মেঘালয়ৰ ৱাইছাউডাং জলপ্ৰপাতৰ কাষৰ এটা খাৱৈৰ পৰা উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ৷ তেতিয়াই আৰক্ষীয়ে জনাইছিল যে এয়া সাধাৰণ মৃত্যু নহয়৷ এয়া হত্যাকাণ্ড৷ কিন্তু হত্যাকাৰী কোন?

অটোপচি ৰিপোৰ্ট

মৃতদেহ উদ্ধাৰৰ প্ৰায় ৭ দিনৰ পাছত মৰোণোত্তৰৰ প্ৰাথমিক ৰিপৰ্ট সন্মুখলৈ আহিছে৷ তাতেই জনা গৈছে যে ৰাজা ৰঘুবংশীৰ মূৰত আছে ২টাকৈ গভীৰ ক্ষত৷ সন্মুখৰ পৰা আৰু পিছফালৰ পৰা দুবাৰ কোনো গধুৰ বস্তুৰে মূৰত মৰিয়াই আঘাত কৰা হৈছিল৷ সেই আঘাততেই মৃত্যু হৈছে ৰাজাৰ৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি গছ কটা কোনো ধৰাল অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে৷

উল্লেখ্য ৰাজা ৰঘুবংশীৰ দেহ উদ্ধাৰৰ এদিন পাছতেই সেই ঘটনাস্থলৰ ওপৰিও সোহৰাৰিমৰ জংঘল আৰু মাওলাখিয়াত গাঁৱৰ পৰা উদ্ধাৰ হৈছিল তেজলগা অস্ত্ৰ আৰু দম্পতিয়ে ব্যৱহাৰ কৰা ৰেইনকোট৷ পূৰ্বেই পোৱা গৈছিল স্কুটিখন৷ সকলোবোৰ উদ্ধাৰ হলেও উদ্ধাৰ হোৱা নাছিল সোনম৷ সোনমক বিচাৰি স্নিফাৰ ডগ আৰু ড্ৰোণ ব্যৱহাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে৷ ১৫ দিন মেঘালয়ৰ পাহাৰে, পাহাৰে তন্ন তন্নকৈ বিচাৰিও সোনমৰ কোনো সন্ধান নোপোৱাত চিবিআই তদন্তৰ দাবীও উঠিছিল৷

তাৰপিছতেই দেওবাৰে মাজনিশা ওলাল চাঞ্চল্যকৰ তথ্য৷ উত্তৰপ্ৰদেশৰ গাজিপুৰত পোৱা গল সোনম ৰঘুবংশীৰ সন্ধান৷ প্ৰাথমিক তদন্তত আৰক্ষীৰ অনুমান প্ৰেমিকৰ সৈতে পৰিকল্পনা কৰি ৰাজাক মেঘালয়লৈ লৈ গৈছিল তেওঁ৷ তাৰপাছতেই বাটৰ কাঁইট আতৰাবলৈ তেওঁক হত্যা কৰা হয়৷ এই হত্যাত যুক্তৰ সন্দেহত সোনমৰ প্ৰেমিকসহ মুঠ ৫জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই নৃশংস হত্যাকাণ্ডৰ ঘটনাত অভিযুক্তসকলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
Next Post
দৈনিক ৰাশিফল, সিদ্ধি যোগৰ লগতে সাধ্য যোগৰ কামাল, এই কেইটা ৰাশিৰ ওপৰত কৃপা বজংবলীৰ

দৈনিক ৰাশিফল, সিদ্ধি যোগৰ লগতে সাধ্য যোগৰ কামাল, এই কেইটা ৰাশিৰ ওপৰত কৃপা বজংবলীৰ

এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি

এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.