মেঘালয়ত নৃশংসভাৱে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক৷ তেওঁৰ পষ্টমৰ্টেম ৰিপৰ্ট সন্মুখলৈ অহাৰ লগে লগেই স্পষ্ট হৈছে কেনেকৈ মৃত্যু হৈছিল ইন্দোৰৰ সদ্যবিবাহিত ব্যৱসায়ী ৰাজাৰ৷ মধ্যপ্ৰদেশৰ দম্পতিহালৰ মেঘালয়লৈ হনিমুন ট্ৰিপতেই ৰচা হৈছিল ঘটনাৰো ব্লুপ্ৰিণ্ট৷ বিগত ১৭ দিনৰ উত্তেজনাৰ অন্ত পৰিল শিয়ৰি উঠা অবিশ্বাস্য তথ্যৰে৷
মেঘালয়লৈ হানিমুনত গৈ হেৰুওৱা বুলি দিয়া কেচ এতিয়া মাৰ্ডাৰ কেচলৈ পৰিবৰ্তিত হৈছে৷ প্ৰথমে ধাৰণা কৰা হৈছিল হানিমুনলৈ ফুৰিবলৈ গৈ বিপদত পৰিছে সেই দম্পতি৷ তৰুণৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই অঘটনৰ সম্ভাৱনা আৰু প্ৰৱল বুলি ধাৰণা কৰিছিল সকলোৱে৷ আৰক্ষীয়েও ৰাজাৰ পত্নী সোনমক বিচাৰি আৰু জোৰদাৰ কৰিছিল অভিযান৷ ১৭ দিনীয়া অভিযানৰ অন্তত আৰক্ষী তদন্তত প্ৰকাশ যে সোনম ভিক্টিম নহয় তেঁৱেই প্ৰধান ভিলেইন৷ প্ৰেমিকৰ সৈতে মিলি ষড়যন্ত্ৰ কৰি ভাৰাতীয়া কিলাৰৰ সহায়ত সদ্যবিবাহিত স্বামীক হত্যা কৰিলে সোনমে৷ দীৰ্ঘদিনীয়া অভিযানৰ অন্তত দেওবাৰে মাজনিশা আৰক্ষীৰ জালত পৰিছে আটাইকেইটা হত্যাকাৰী৷
মেঘালয়লৈ ফুৰিবলৈ আহি হঠাৎ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাত ৰাজা ৰঘূবংশীৰ পৰিয়ালৰ লোক দ্বাৰস্থ হৈছিল ইন্দোৰৰ প্ৰশাসনৰ৷ তাৰপিছতেই ইন্দোৰৰ প্রশাসনে মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল৷ আৰক্ষীৰ অভিযানতেই ২ জুনত মেঘালয়ৰ ৱাইছাউডাং জলপ্ৰপাতৰ কাষৰ এটা খাৱৈৰ পৰা উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ৷ তেতিয়াই আৰক্ষীয়ে জনাইছিল যে এয়া সাধাৰণ মৃত্যু নহয়৷ এয়া হত্যাকাণ্ড৷ কিন্তু হত্যাকাৰী কোন?
অটোপচি ৰিপোৰ্ট
মৃতদেহ উদ্ধাৰৰ প্ৰায় ৭ দিনৰ পাছত মৰোণোত্তৰৰ প্ৰাথমিক ৰিপৰ্ট সন্মুখলৈ আহিছে৷ তাতেই জনা গৈছে যে ৰাজা ৰঘুবংশীৰ মূৰত আছে ২টাকৈ গভীৰ ক্ষত৷ সন্মুখৰ পৰা আৰু পিছফালৰ পৰা দুবাৰ কোনো গধুৰ বস্তুৰে মূৰত মৰিয়াই আঘাত কৰা হৈছিল৷ সেই আঘাততেই মৃত্যু হৈছে ৰাজাৰ৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি গছ কটা কোনো ধৰাল অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে৷
উল্লেখ্য ৰাজা ৰঘুবংশীৰ দেহ উদ্ধাৰৰ এদিন পাছতেই সেই ঘটনাস্থলৰ ওপৰিও সোহৰাৰিমৰ জংঘল আৰু মাওলাখিয়াত গাঁৱৰ পৰা উদ্ধাৰ হৈছিল তেজলগা অস্ত্ৰ আৰু দম্পতিয়ে ব্যৱহাৰ কৰা ৰেইনকোট৷ পূৰ্বেই পোৱা গৈছিল স্কুটিখন৷ সকলোবোৰ উদ্ধাৰ হলেও উদ্ধাৰ হোৱা নাছিল সোনম৷ সোনমক বিচাৰি স্নিফাৰ ডগ আৰু ড্ৰোণ ব্যৱহাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে৷ ১৫ দিন মেঘালয়ৰ পাহাৰে, পাহাৰে তন্ন তন্নকৈ বিচাৰিও সোনমৰ কোনো সন্ধান নোপোৱাত চিবিআই তদন্তৰ দাবীও উঠিছিল৷
তাৰপিছতেই দেওবাৰে মাজনিশা ওলাল চাঞ্চল্যকৰ তথ্য৷ উত্তৰপ্ৰদেশৰ গাজিপুৰত পোৱা গল সোনম ৰঘুবংশীৰ সন্ধান৷ প্ৰাথমিক তদন্তত আৰক্ষীৰ অনুমান প্ৰেমিকৰ সৈতে পৰিকল্পনা কৰি ৰাজাক মেঘালয়লৈ লৈ গৈছিল তেওঁ৷ তাৰপাছতেই বাটৰ কাঁইট আতৰাবলৈ তেওঁক হত্যা কৰা হয়৷ এই হত্যাত যুক্তৰ সন্দেহত সোনমৰ প্ৰেমিকসহ মুঠ ৫জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই নৃশংস হত্যাকাণ্ডৰ ঘটনাত অভিযুক্তসকলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















