ৰাজা ৰঘুবংশীক মেঘালয়লৈ লৈ গৈ হত্যা কৰিছিল কোনে? পত্নী সোনম ৰঘুবংশী নে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই? এই প্ৰশ্নই ভৱাই তুলিছিল মেঘালয় আৰক্ষীক৷ সোনম আৰু ৰাজক জেৰা কৰিছে মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে৷ আৰক্ষী সূত্ৰই কৈছে জেৰাত পৰস্পৰবিৰোধী কথাবাৰ্তাও কৈছে সোনম আৰু ৰাজে৷ এজনে আনজনক দোষাৰোপো কৰিছে৷
মেঘালয় আৰক্ষীৰ চিটে মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু উত্তৰপ্ৰদেশৰ গাজিপুৰৰ পৰা তথ্যপ্ৰমাণ সংগ্ৰহ কৰিছে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি সেই তথ্যপ্ৰমাণ গোটাইহে আৰক্ষীয়ে মুকলিকৈ জনাব পাৰিব প্ৰকৃততে মাষ্টাৰমাইণ্ড কোন৷ অৱশ্যে মেঘালয় আৰক্ষীয়ে দিয়া তথ্যমতে সোণম আৰু ভাৰাতীয়া হত্যাকাৰীয়ে মিলি ৰাজাক হত্যা কৰাৰ পাছত সোণম গুৱাহাটীলৈ আহে৷ বোৰ্খা পৰিধান কৰি লোকেল টেক্সিত উঠি সোণম গুৱাহাটীলৈ আহে৷ তাৰপিছতেই ট্ৰেইনত উঠি ইন্দোৰ অভিমুখে যাত্ৰা সোণমৰ৷ কিন্তু একেখন ট্ৰেইনতে তেওঁ যাত্ৰা কৰা নাই৷ ট্ৰেইন সলাই সলাই যাত্ৰা কৰিছিল সোণমে৷ ইন্দোৰত ৰাজাৰ সৈতে হোটেলত এনিশা কটাই আকৌ গাজিপুৰলৈ যাত্ৰা কৰিছিল সোণমে৷ গাজিপুৰতেই আছিল ৰাজ কুশৱাহাৰ ঘৰ৷ ৯জুনত গাজিপুৰৰ পৰা ধৰা পৰে সোণম৷
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি সোনমৰ ভাষ্য আৰু ৰাজ কুশৱাহাৰ ভাষ্যৰ মিল পোৱা নাই আৰক্ষীয়ে৷ আৰক্ষীৰ ওচৰত ৰাজে জনোৱা অনুসৰি ৰাজে সোনমক এইক্ষেত্ৰত সহায় কৰিব খোজা নাছিল৷ সেয়ে শেষ মুহূৰ্তত ৰাজে মেঘালয়লৈ যোৱা বাতিল কৰিছিল৷ বাকি তিনিজনকো ৰাজে নাযাবলৈ কৈছিল৷ তেতিয়া সোনমে ভাৰাতীয়া হত্যাকাৰী কেইটাৰ টিকট কাটি দিয়াত ভাৰাতীয়া হত্যাকাৰীকেইটাই নিজেই মেঘালয়লৈ যাবলৈ মন মেলে৷ শেষ মুহূৰ্তত সেই তিনিগৰাকী ভাৰাতীয়া হত্যাকাৰীয়েও ৰাজাক মাৰিব খোজা নাছিল৷ কিন্তু সোনমে জোৰ কৰি ধনৰ লোভ দেখুৱাই সৈমান কৰাই হত্যাকাৰীকেইটাক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















