অভিশপ্ত বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিতৰ মন্তব্য- মই জঁপিয়াই দিয়া নাছিলো, আসনৰ সৈতে চিটিকি আহিছিলো
আজি ১৩ জুন শুকুৰবাৰে গুজৰাটৰ বিমান দুৰ্ঘটনাৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কথা-বতৰাৰ সময়ত বিশ্বাসে প্ৰধানমন্ত্ৰীক কয় যে, ‘মই বিমানৰ পৰা জপিয়াই দিয়া নাছিলো, দুৰ্ঘটনাৰ সময়ত বহা আসনৰ সৈতে বাহিৰলৈ চিটিকি আহিছিলো’।
অভিশপ্ত বৃহস্পতিবাৰে লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনে আহমেদাবাদ বিমানবন্দৰৰ পৰা বিয়লি প্ৰায় ১:৩৮ বজাত উৰা মাৰিছিল, কিন্তু উৰণৰ ৫ মিনিটৰ ভিতৰতে দেশৰ লগতে বিশ্ব কঁপাই যোৱা এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।
উৰণৰ মাত্ৰ কেইছেকেণ্ডমান পিছতে বিমানখনে বিজে মেডিকেল কলেজৰ হোষ্টেলৰ অট্টালিকাত খুন্দা মাৰে। এই ভয়ংকৰ সংঘৰ্ষত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হয়। আনহাতে হোষ্টেলত থকা ৫০ৰো অধিক ছাত্ৰ নিহত হয়।
কিন্তু ৰাখে হৰি মাৰে কোনেৰ দৰে অলৌকিক ভাৱে মাথো সামান্য আঘাত লৈ প্ৰাণ ৰক্ষা পৰে বিশ্বাসৰ। সেই একেশন বিমানতে বিশ্বাসৰ ভাতৃয়ো আছিল।
৪০ বছৰীয়া ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ ভাৰতত থকা পৰিয়ালক লগ কৰিবলৈ আহিছিল। ডাঙৰ ভাতৃ অজযকুমাৰ ৰমেশ (৪৫)ৰ সৈতে ব্ৰিটেইনলৈ উভতি যাবলৈ বিমানত উঠিছিল। দুৰ্ঘটনাৰ সময়ত বিশ্বাস বিমানখনৰ ১১এ চিটত বহি আছিল, আনহাতে ভাতৃ আন এটা শাৰীত আছিল।
ঘটনাটো স্মৰণ কৰি বিশ্বাসে কয়, “টেক অফ কৰাৰ প্ৰায় ত্ৰিশ ছেকেণ্ডৰ পিছতেই এটা জোৰেৰে বিস্ফোৰণ ঘটে। হঠাতে সকলো কঁপিবলৈ ধৰে আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’য়।
মই যেতিয়া চেতনা ঘূৰাই পাও, তেতিয়া চৌদিশে কেৱল মৃতদেহহে আছিল। মই স্তম্ভিত হৈ পৰিলোঁ। কোনোমতে মই থিয় হৈ জুইৰ পৰা ৰক্ষা পাবৰ বাবে দৌৰিবলৈ ধৰিলোঁ। চাৰিওফালে ধ্বংসাৱশেষ সিঁচৰতি হৈ পৰিছিল। কোনোবাই মোক ধৰি এম্বুলেন্সত ভৰাই দিলে। আৰু তাৰ পিছত মোক চিকিৎসালয়লৈ অনা হ’ল।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















