২৭৪ ৰ ভিতৰত এতিয়ালৈকে বিজয় ৰূপানীসহ ৪৭ পৰিয়ালে লাভ কৰিলে আত্মীয়ৰ নিথৰ দেহ
কিমান ভয়াৱহ হব লাগিব সেই বিমান দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱাই বিমানৰ যাত্ৰী সহ অন্য লোকো। সৰ্বমুঠ ২৭৪ গৰাকী লোকে হেৰুৱাই প্ৰাণ। তাকো ইমানেই ভয়ংকৰ ভাৱে প্ৰাণ হেৰুৱাই যে কাৰ কোনটো মৃতদেহ সেয়া চিনি উলিওৱাটো টান ।
যাৰ বাবে ডি এন এ ৰ সহায় লৈ টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হৈছে কেইবাগৰাকী লোকক। ইয়াৰ ভিতৰত আছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহো। এতিয়ালৈকে মুঠ ৮৭গৰাকী লোকক ডি এন এৰ জৰিয়তে চিনাক্ত কৰি তাৰে ভিতৰত ৪৭ টা মৃতদেহ গতাই দিয়া হৈছে পৰিয়ালৰ লোকৰ হাতত।
প্ৰথম অৱস্থাত বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাছিল। কালি দেওবাৰ ১৫ জুন তাৰিখেহে চিনাক্ত কৰিব পৰা যায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃতদেহ।
এই ডি এন এ পৰীক্ষাৰ বাবে হাস্পতালে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলো লোকৰে পৰিয়ালৰ পৰা ডি এন এ সংগ্ৰহ কৰি এই প্ৰক্ৰিয়া আগবঢ়াইছে।
পৰিয়ালক গতাই দিয়া ৪৭ টা মৃতদেহ ঘৰ গুজৰাটৰে বিভিন্ন অঞ্চলৰ। যাৰ বাবে সহায় হৈছে পৰিয়ালক মৃতদেহ কেইটা উভটাই দিয়াত। ইয়াৰ বাহিৰে অন্য কেইজনৰ ঘৰ গুজৰাটৰ বাহিৰত হোৱাৰ বাবে প্ৰক্ৰিয়া কিছু পলম হৈছে। আনহাতে ডি এন এ পৰীক্ষা কৰা হাস্পতালে কয় যে, সৰহ সংখ্যকৰে মৃতদেহ বুলিবলৈ নাই, কেৱল জ্বলি ৰৈ যোৱা অৱশিষ্ট হে উভতাই দিছে, যিয়ো এক অতিকে শোকবিহ্বল কথা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















